পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
৺শঙ্কৰদেৱ।

মাধৱে বোলন্ত বৰ কৰাহা অন্যাই।
আমি যেন তুমি তেন আক নুযুৱাই॥ ৪৫২
নাৰায়ণে হাতজোৰে হৰষে নমিলা।
কম্বল আসনে যাই দুইহান্তে বসিলা॥
দুইহান্তকো দুইহান্তে চাহন্ত ঘনে ঘন।
দুইকো দুয়ো দেখিয়া উৎসাহ কৰে মন॥ ৪৫৩
নাৰায়ণ মাধৱৰ সম্বাদ মিলিলা।
মাধৱে হৰিষে পাচে বচন বুলিলা॥
আছন্ত আমাৰ গুৰু ঈশ্বৰ পুৰুষ।
তোমাৰ কথাত বৰ লভিলা সন্তোষ॥ ৪৫৪
আমাৰ আগত বহু প্ৰশংসা কৰিলা।
তোমাক দেখিবে লাগি ইঠাইক পঠাইলা॥
দেখিলোঁহো তোমাক পৰম সাধু জন।
পৰম সন্তোষ আতি ভৈলা মোৰ মন॥ ৪৫৫
নাৰায়ণে বোলন্ত মোহোৰ আছে ভাগ।
এতেকে তোমাক দেখিবাক পাইলোঁ লাগ॥
তোমাথেৰ কথা হুয়া আছে যত যত।
ঈশ্বৰ পুৰুষে সবে কৰিছা বেকত॥ ৪৫৬
তিন দিন তিন নিশা কথাৰে আছিলোঁ।
সমস্তে বৃত্তান্ত মঞি আনন্দে শুনিলোঁ॥