সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১০
৺শঙ্কৰদেৱ।

চৰণত পৰিয়া কাতৰে বোলোঁ বাক।
তেঁহে প্ৰিয় বাক্য আৰা বুলিলা আমাক॥ ৪৩৭
এক খানি ভাল বস্ত্ৰ দিলোঁহো হাতত।
বোলন্ত নালাগে বস্ত্ৰ থৈয়োক ঘৰত॥
পৰম সন্তোষ ভৈলোঁ তজু দৰশনে।
যত বস্ত্ৰ পাইলোঁ মোৰ বাক্যৰ কাৰণে॥ ৪৩৮
অনেক সৎকাৰ ভাৱে বস্ত্ৰক লৈলন্ত।
এখানি বস্ত্ৰক পাচে আমাকো দিলন্ত॥
কোন গ্ৰামে থাকন্ত যাইবন্ত কোন গ্ৰাম।
নুসুধিলোঁ ইটো মোৰ নুপজিল জ্ঞান॥ ৪৩৯
আগ বঢ়াই থৈয়া পাচে গৃহক আসিলোঁ।
সিটো বচনৰ আজি প্ৰমাণক পাইলোঁ॥
কতবা জন্মৰ মোৰ আছে মহা ভাগ।
তোমাৰ চৰণ সেবিবাক পাইলোঁ লাগ॥ ৪৪০
কৰা আশীৰ্ব্বাদ বাপ মোক শুদ্ধমতি।
জন্মে জন্মে তোমাৰ চৰণে হৌক মতি॥
এহি বুলি চৰণত মাথা থাপিলন্ত।
মকমকি কৰিয়া অশেষ কান্দিলন্ত॥ ৪৪১
শঙ্কৰৰো চক্ষুৰ লোতক বাঝ ভৈল।
মাথে হাত দিয়া তাঙ্ক আশ্বাসি তুলিল॥