পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৲

কটাক্ষ ভঙ্গীয়ে চাওঁতে লৰয় কুণ্ডল।
তাৰ কান্তি লাগি শোভা কৰে গণ্ডস্থল॥
ভ্ৰূব যুগ শোভে যেন মদনৰ ধনু।
তপ্ত সুবৰ্ণৰ বৰ্ণ প্ৰকাশয় তনু॥
মুখে মন্দ মন্দ হাসি আয়ত লোচন।
গুণে বন্দী কৰিবাক পাৰয় পবন॥
তান এক অঙ্গে দৃষ্টি পৰে একবাৰ।
তাক ছাড়ি আৰ অঙ্গে নপাৰে চাবাৰ॥
দেহৰ শোভায়ে শোভি আছে দিশ পাশ।
হিমবন্ত পৰ্বতকো কৰিছে প্ৰকাশ॥
আছোক পুৰুষ যদি হোৱে নাৰীজন।
তাহাক দেখিলে তাসম্বাৰ ছলে মন॥



গ্ৰন্থ প্ৰকাশ

 এই গ্ৰন্থ আঠঘৰীয়াৰ শ্ৰীযুক্ত নবীনচন্দ্ৰ ভট্টাচাৰ্য্য মহাশয়ে প্ৰকাশ কৰিলে। এই সম্পৰ্কে অলপমান কথা নকলে পাতনি অসম্পূৰ্ণ থাকে।