পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একাদশ মাহাত্ম্য।

দেবী স্তুতি।

পদ।

দেবগণে বোলে নমো ত্ৰৈলোকায় ঈশ্বৰী।
পৃথিবী স্বৰুপে আছা জগতকে ধৰি॥
জল ৰুপে বৃষ্টি কৰি আছা সবে লোক।
সবাহাঙ্ক প্ৰতি তুমি প্ৰসন্ন হুয়োক॥ ৩-৪
অবিদ্যা স্বৰুপে আচা সবাকো মুহিয়া।
তুষ্ট হুয়া জ্ঞান কপে মুকুতিক দিয়া॥৫
তোমাৰেসে অংশ যত শাস্ত্ৰ যত নাৰী।
কিমতো তোমাক স্তুতি কৰিবাক পাৰি॥৬
জাতো তুমি বাক্য ৰুপা তুমি দেবচয়।
সমস্তকে ব্যাপি আচা তুমি সৰ্ব্বময়॥৭
বুদ্ধি ৰুপে সমস্তৰে থাকা হৃদয়ত।
স্বৰ্গ সুখ দাতা তুমি পালিও জগত॥
কালৰূপে বৃদ্ধাদি অবস্থাক কৰা।
পৰম মঙ্গল তুমি নানাৰূপ ধৰা।৯-১০
সৃষ্টি স্থিতি প্ৰলয়ৰ কাৰণ সকতি।
গুণাশ্ৰয় গুণময় তুমি ভগবতী॥১১
ভুখিত শৰণাগত ৰোগী বিবাজন।
সবাৰ পালক তুমি সাধা প্ৰয়োজন॥১২