পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীভজনবিলাস পদ্ধতি

শিক্ষাগুরু কলে হৰি ভজিবাৰ কথা।
নিচিনিয়া ভজা যদি হইবে অন্যথা॥8॥
[১]শুক্ল, ৰক্ত, পীত, কৃষ্ণ ভাগবতে কয়।
যুগ অবতাৰে এই চাৰি বৰ্ণ হয়॥৫॥
সত্যযুগে শুক্ল বৰ্ণ হংসৰূপ যেই।
ত্ৰেতাতে কপিলমুনি ৰক্ত বৰ্ণ সেই॥৬॥
দ্বাপৰতে কৃষ্ণৰূপে নন্দৰ ঘৰত।
অবতাৰ হই লীলা কৰিলা বহুত॥৭॥
পীতবৰ্ণে গৌৰবৰ্ণ শুনা বাপভাই।
কলিযুগে হইল শ্ৰীচৈতন্য গোসাঁই॥৮
ইকথাত যদি কাৰো সন্দেহ মনত।
সৰ্ব্ব ধৰ্ম্ম সাৰে সুধি চোৱা প্ৰথমত॥৯॥
তদন্তৰে পুৰাণাদি আনু শাস্ত্ৰ চাই।
মিছাপোৱা মন্দবলা দুনাই দুনাই॥১০॥
সত্য যুগে ধ্যান যেনে ত্ৰেতা যে যুগত।
যজ্ঞ, দানে ধৰ্ম্ম বুলি লোকত প্ৰখ্যাত॥১১॥


ভাগবতে।

  1. “আসন বৰ্ণাস্ত্ৰয়যৈশ্চগৃহানতযুগতনু।

    শুক্লৰক্ততথাপীতংইদানিংকৃষ্ণতাগতঃ॥”