পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
শ্ৰীবৎস চিন্তাৰ বনবাস।


শুনি বাহু নৰপতি মন্ত্ৰিৰ সংহতি।
অনুচৰগণে লৈয়া চলিলা তহিতি॥
নদিতীৰে গৈয়া তাত প্ৰবেশী ভিতৰে।
চিন্তা সতী বসি আছে কাতৰ অন্তৰে॥ ৩৩০
বুলিবে লাগিলা বাহু চিন্তা দেবী প্ৰতি।
দুখকাল গৈল মাৱ উথা শীঘ্ৰ গতি॥
জ্বৰাযুক্ত অঙ্গ দেখি চিন্তাৰ বদন।
পোচন্ত চিন্তাক মাতি তাৰ বিবৰন॥ ৩৩১
সুনি চিন্তা কহে দুখ মৃদু সুধা বানি।
জৰাযুক্ত দেহ মোৰ ভৈলেক জৈশাঁণী॥
জেহি বেলা সাধু বানিজ্যক আসিলন্ত।
অদৃস্তৰ গুণে নৌকা আটক ভৈলন্ত॥ ৩৩২
কাঠুৰিৰ নাৰিগণ আছিলা যতেক।
ক্ৰমে ক্ৰমে সদাগৰ আনিলা প্ৰত্যেক॥
সবেও চুইলা নৌকা নভৈল উদ্ধাৰ।
পৰিতাপে মোক পাই কহে বাৰেবাৰ॥ ৩৩৩
বিস্তৰ কাৰ্পুন্য কৰি আমাক বুলিলা।
তান দুখ দেখি মোৰ হৃদি নসহিলা॥
দয়া কৰি আসোঁ ঘাতে ইহাৰ কাৰনে।
ধৰিয়া নৌকাত তোলে এইতো দুৰ্জনে॥ ৩৩৪
পাছে দেৱ আদিত্যক কৰিলোঁ মিনতি।
জ্বৰা অঙ্গ দিয়ো মোক অহে দিনপতি॥