পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীবৎস চিন্তাৰ বনবাস।

 

সজ্জনাগুণমিচ্ছন্তি মধু বাঞ্ছান্তি ষটপদাঃ।
মক্ষিকা ব্ৰণমিচ্ছন্তি দোষমিচ্ছন্তি পামরাঃ॥

পদ।

জয় নমোনাৰায়ন প্ৰভু ভগবন্ত
যাৰ মায়া বৈভবৰ নাহি আদি অন্ত।
প্ৰনামো অনন্ত দেৱ তাহাৰ চৰন
বৈকুণ্ঠ-বিহাৰী হৰি-লক্ষী নাৰায়ন। ১
ভূমি ভাৰ হেতু যত ৰাক্ষস বধিলা
বলিক নিকালি স্বৰ্গে ইন্দ্ৰক থাপিলা।
ভবভয়-হাৰি নাম ভকত বাৎসল
ভক্তিত তোমাক নৰে লভয় কেবল। ২
হেন হৰি চৰনত কৰিয়া প্ৰনতি
শ্ৰীবৎস ৰাজাৰ কথা ভনিবো সম্প্ৰঁতি।
সৰস্বতি মাৱ মোত হুয়োক প্ৰসন্ন
ৰচিবোঁহো ভাৰতৰ অপূৰ্ব্ব কথন। ৩
যাহাক শ্ৰবনে কলুস হোৱে নাস
পূৰ্ব্বত কৰিল খ্যাত মহামুনি ব্যাস।