পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
শ্ৰীক্ষেত্ৰ।

মিনতি কৰোঁ তুমি আশীৰ্ব্বাদ কৰা, মনত যেন সদায় পৰম আনন্দ পাওঁ। ধন্য তোমাৰ দয়া, ধন্য তোমাৰ কৃপা, তোমাৰ কৰুণা। তোমাৰ আশীৰ্ব্বাদ ভিন্ন আন একোতে আনন্দ নাই। তুমি আনন্দময়। তোমাৰ আনন্দ ভাৱ যেন হৃদয়ত সদায় অনুভূতি হৈ থাকে, এয়ে হে সৰল প্ৰাৰ্থনা।