সমললৈ যাওক

পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
শ্ৰীক্ষেত্ৰ।

মন্দিৰ সকলো দৰ্শন কৰি ফুৰিব ধৰিলোঁ এদিন এখন ঘোঁৰা গাড়ী দুটকাত ভাৰা কৰি সাক্ষী গোপাল দৰ্শন কৰিবলৈ গলোঁ।


সাক্ষীগোপাল মন্দিৰ

 এই সাক্ষী-গোপাল পুৰীৰ ওচৰতে ১০ মাইল মান আতৰত। এটি প্ৰবাদ আছে যে পৰকালত এই সাক্ষী গোপালে জগন্নাথ দৰ্শনৰ সাক্ষী দিয়ে। সেই কাৰণে জগন্নাথ যাত্ৰী মাত্ৰেই এবাৰ সাক্ষী গোপাললৈ যাব যত্ন কৰে। সাক্ষী-গোপালত শ্ৰীকৃষ্ণৰ কৃষ্ণ পাথৰৰ মূৰ্ত্তি অতি বৃহৎ, সুন্দৰ আৰু মনোহৰ। ইয়াত অন্ন ভোগ