পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
২৯
শ্ৰীক্ষেত্ৰ।


গড়ুৰ ধ্বজা এই ৰথৰ চিন। ই ৩২ হাত ওখ, ২৪ হাত দীঘল আৰু ২৪ হাত পুতল। এই ৰথখনক নন্দ ঘোষ বুলিও কয়।

 ২। বলৰামৰ ৰথ—এই ৰথৰ ১৪টা চকৰি। লাঙল ইয়াৰ ধ্বজা এই ৰথখন ৩২ হাত ওখ, ২৪ হাত দীঘল আৰু ২৪ হাত পুতল।

 ৩। সুভদ্ৰাৰ ৰথ—এই ৰথৰ ১২টা চকৰি আৰু পদ্মধ্বজা ইয়াৰ চিন, সুভদ্ৰাৰ ৰথ আন দুখনতকৈ অলপ সৰু।

 প্ৰত্যেক খন ৰথৰ ৰং বেলেগ বেলেগ। ৰথযাত্ৰাৰ আগ দিনাই ৰথ তিনিখন সিংহ দ্বাৰৰ সমুখত সজাই ৰাখে। ৰথৰ দিনা পুৱা তিনিও জনা বিগ্ৰহক ৰথত আৰোহণ কৰায়। ৰথতে ভোগ নিবেদন কৰে আৰু আৰতি হোৱাৰ পাচত সহস্ৰ সহস্ৰ লোকে ৰথ কেইখন এখন এখনকৈ টানি ঘুনুচা মণ্ডপলৈ লৈ যায়। লক্ষ্মীক এৰি জগন্নাথ ঘুনুচাৰ ওচৰলৈ যোৱাত লক্ষীয়ে খং কৰি ৰথৰ ৪ৰ্থ দিনা মাজ নিশা ঘুনুচা মণ্ডপলৈ আহি নন্দ ঘোষৰ চকৰি দুটা বা তিনিটা ভঙি লৈ আহে। এয়ে হৈছে হোৰা পঞ্চমী। সাত দিনৰ মূৰত ৰথ সহ তিনিওজনা মূৰ্ত্তি সিংহ দ্বাৰত উপস্থিত হয়। তেতিয়া লক্ষ্মী দেবীয়ে চাহনি মণ্ডপৰ পৰা জগন্নাথক দৰ্শন কৰে আৰু মন্দিৰৰ ভিতৰ সোমাই জয় বিজয়ক দুৱাৰত ৰাখি দুৱাৰ বন্ধ কৰি ৰাখে। বহু তৰ্ক বিতৰ্কৰ পাচত ৰলৰামৰ আজ্ঞাত লক্ষ্মীয়ে মন্দিৰৰ দুৱাৰ খুলি দিয়ে। পিচে তিনিও জনা বিগ্ৰহ ৰত্ন বেদীৰ ওপৰত বিৰাজ কৰে।