পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্রীক্ষেত্র।
 

 মূৰ্ত্তি স্থাপন—নাৰদৰ আদেশ মতে ৰজাই ব্ৰহ্মাক পূজিবলৈ ধৰিলে। ৰজাৰ কাকুতি মিনতিত ব্ৰহ্মা তুষ্ট হল। ব্ৰহ্মাই শব্দৰূপী ব্ৰহ্মৰ আশ্ৰয়লৈ ৰজাক দৈববাণী শুনালে “মহাৰাজ আপোনাৰ ভকতিত সন্তুষ্ট হলোঁ। আপোনাৰ মনোবাঞ্চা পূৰ্ণ হওক। কাইলৈ ৰাতিপুৱা আপুনি মোক মন্দিৰৰ দুৱাৰ মুখত দেখা পাব। আপুনি মোক পুৰোহিত বৰণ কৰিলে মই মন্দিৰৰ ভিতৰত বিগ্ৰহ স্থাপনা কৰি প্ৰতিষ্ঠা কৰিম।” দৈববাণী মতে ৰজাই ৰাতিপুৱা মন্দিৰৰ দুৱাৰ মুখত ছদ্মবেশী ব্ৰহ্মাৰ দৰ্শন লাভ কৰিলে। ব্ৰহ্মাই দাৰুব্ৰহ্ম শ্ৰীকৃষ্ণ, বলৰাম, সুভদ্ৰা আৰু সুদৰ্শন চক্ৰ সকলোটিকে লক্ষ শালগ্ৰামেৰে সজা