ঘপিয়াব ধৰিলে। কাঠ কাটোঁতে কাটোঁতে ৰজা ক্লান্ত হৈ পৰিল। এনেতে বিষ্ণু আৰু বিশ্বকৰ্ম্মা ব্ৰাহ্মণৰূপ ধৰি ৰজাৰ আগতে ওলাল। ছদ্মবেশী বিষ্ণুই ৰজাক সুধিলে, “তুমি কাঠ ডোখৰ কাটি কি কৰিবা? কাঠ কাটা কাম তোমাৰ নহয়। মিছাতে কষ্ট কৰিছা কিয়?” ৰজাই ব্ৰাহ্মণৰ মুখলৈ চাই নম্ৰভাৱে সকলো কথা ভাঙি পাতি কলে। বিষ্ণুই ৰজাৰ কথাত সন্তুষ্ট হৈ কব ধৰিলে “তোমাৰ উদ্দেশ্য বুজিলোঁ। তোমাৰ সঙ্কল্প উত্তম আৰু সাধু। কিন্তু এনে টান কাম তোমাৰ পক্ষে কৰা টান যেন পাইছোঁ। মোৰ লগত অহা এই জন লোক বিশ্বকৰ্ম্মা সদৃশ শিল্পী এওঁ এনে কৰ্ম্মত পাৰ্গত। তুমি মন কৰিলে এওঁৰ হাতেৰে তোমাৰ অভিষ্ট সাধন কৰি লব পাৰা।” ৰজাই ব্ৰাহ্মণৰ মুখত এনে দয়ালু কথা শুনি আকৌ এবাৰ মুখলৈ চালে। এইবাৰ ব্ৰাহ্মণৰ মুখত পৰম জ্যোতি দেখা পাই মূৰ ডোঁৱাই কলে “আপোনাৰ আদেশ শিৰোধাৰ্য্য। এওঁক আমাৰ মনেকল্পিত বিষ্ণু-মূৰ্ত্তি সাজিবলৈ দিয়া হওঁক।” ৰজাৰ আদেশ মতে ছদ্মবেশী বিশ্বকৰ্মাই শঙ্খ, চক্ৰ, গদা, পদ্মধাৰী শান্ত কৃষ্ণ-মূৰ্ত্তি; লাঙলধাৰী গৌৰবৰ্ণ বলৰাম মূৰ্ত্তি; বাসুদেৱৰ ভনী সুভদ্ৰা মূৰ্ত্তি আৰু সুদৰ্শন চক্ৰমূৰ্ত্তি সাজিবলৈ সম্মত হৈ কাম হাতত ললে।
মূৰ্ত্তি নিৰ্ম্মাণঃ— ছদ্মবেশী বিশ্বকৰ্ম্মাই শঙ্খ, চক্ৰ, গদা, পদ্ম আদি চিহ্ন থকা কাঠ ডোখৰ মন্দিৰৰ ভিতৰত সুমুৱাই ললে। কাম আৰম্ভ কৰাৰ আগতে ৰজাক কলে “মহাৰাজ, আপোনাৰ মূৰ্ত্তি সাজিবলৈ মই তিনি সপ্তাহ সময় ললোঁ। তিনি