পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২। আধ্যা। কংস ৰজা। সত্ত্বত ফৈদৰ যাদৱ কোৱৰ ভীমে সূৰ্য্যবংশী ৰজাৰ হাতৰপৰা মথুৰা পুনৰুদ্ধাৰ কৰাৰ পাচত, চন্দ্ৰবংশী যাদৰ ৰজাসকলে বহুকাল একেৰাহে সেই ৰাজ্য ভোগ কৰে। সিবিলাকৰ ভিতৰত বৃষ্টি, সত্ত্বত, অন্ধক, কুকুৰ, ভোজ এই কেইফৈদ প্ৰধান। সদৌশেহত ভেজফৈদীয়া সুৰসেন নামে এজন ৰজা বৰ প্ৰতাপী আৰু প্ৰখ্যাত হৈ উঠে। এনে কি, তেওঁৰ ৰাজক্ষমতা আৰু প্ৰৱল প্ৰতাপলৈ চাই, লোকে তেওঁকেই মথুৰাৰ স্থাপনকৰ্তা বুলি আখ্যা দিছিল (১)। সুৰসেনৰ পাচত, তেওঁৰ বংশধৰ ভালেমান কোৱৰে মথুৰাত ৰাজত্ব কৰে। তাৰ পাচত, সেই ফৈদৰ উগ্ৰসেন নামে এজন কোৱৰ বৰ প্ৰখ্যাত ৰজা হৈ উঠে। উগ্ৰসেন ভোজবংশৰ যাদৱৰাজ আহুকৰ পুত্ৰ। আহকৰ আৰু এজন পুত্ৰ আছিল, তেওঁৰ নাম দেৱক (২)। এই দুই ককাই-ভাইৰ ভালেমান পুত্ৰ-কন্যাৰে (৩) সৈতে সুবহুল বংশ বৃদ্ধি হয়। তাৰ ভিতৰত উগ্ৰসেনৰ বৰপুত্ৰ কংস আৰু দেৱকৰ নুমুলীয়া কন্যা (১) সেই আপাহতে বসেনৰ নাম অনুসৰি মথুৰা ৰাজ্যৰ আন এটা নাম মৰসেনক’ হ'ম, আধ্যাৰ বিতীয় ছেদ। (২) (ক) বিষ্ণুপুৰাণ, তৃতীয় খণ্ড, ১৪ হেদ। (খ) শ্ৰীমদ্ভাগৱত, দশম , ২০ খ্যা। (৩) উগ্ৰসেনৰ • গুন পুত্ৰ আৰু গৰাকী কন্যা; দেৱৰ জন পুত্ৰ আৰু গৰাকী কন্যা আছিল।-মাগৱত, দশম স্কন্ধ, ২০আখ্যা।