পঞ্চম ছেদ। বৃন্দাবন। মথুৰা নগৰৰ পছিম সীমৰপৰা পাচ মাইলমান পছিমে, যমুনাৰ মূলৰপৰা যমুনামুখলৈকে জুৰি, এখনি অতি বিতোপন সুবহুল বন আছিল, তাৰ নাম বৃন্দাবন। বৃন্দাবনৰ পছিম প্ৰান্তত ঘাহনি চাপৰি ভেদি উঠা এটি অতি মনোহৰ সৰু পৰ্বত অৱস্থিত। পৰ্বতটি কদম, বকুল, তমাল এনেবোৰ শুৱনি গছেৰে ভৰপুৰ। সেই গছৰৰ ডানত পৰি কুতি, কপৌ, কোতেবী, চাকৈ, বিহুতী আদি সুশ্ৰী আৰু সুবী পখীযে কেইওপ্ৰসঙ্গত ননমে হা গীত গায়। তাৰ তলে তলে হৰিণা, সুগৰি, মৃগনাভী ( গান্ধ কৰিণা), ন’হ, মেঠোন আদি ধুনীয়া জবোৰ মুবলি মনেৰে চলন বিৰণ কৰে। ইত্যাদি বিভূতিৰে সৈতে পৰ্বতটি বাজে ভিতৰে স্বাভাৱিক শোভাৰ এটি লাৰু যেন! আজিকোপতি তাৰ সেই পুৰণি জেউতি সমূঞ্চে মাৰ বোৱা নাই।—সেই পৰ্বতটিৰ নাম গোৱৰ্ধন। গোৱনৰ শেৱ, বাঁৱে আৰু সমুখেদি নিমজ ঘনশ্যাম দুবৰিবনেৰে আবৃত অপৰ চাপৰি। গোটেই আৰ্যবৰ্ত্তৰ স্বাভাৱিক শোভ জিনি বৃন্দাবন জিলিকি আছিল; সেই জিলিকনিৰ কেন্দ্ৰৰূপ গোৱৰ্ধন জিলিকি ছিল। (১) বৃন্দাবনৰ মাজে মাজে কেইজামান বন মানুহৰ বসতি আছিল; তাৰ মাজত নাগ নামে এজাত বৰ প্ৰতাপী আৰু ভীষণ প্ৰকৃতিৰ মানুহ (১) বিষ্ণুপুৰাণৰ পঞ্চম খণ্ডৰ ম হেদত, প্ৰমত্তাগত দশম স্কন্ধৰ ১৬শ অখ্যাত আৰু হৰিবংশৰ বিষ্ণুপৰ ৭ম জাত বৃন্দাবন বহলাই বণোৱা হৈছে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৩৮
অৱয়ব