১৭৩ অৰসংবাদ। শ্ৰীকৃষ্ণই পোচাতেই, গৈ পিতা নন্দৰ ওচৰ চাপিলেগৈ। নন্দৰাজে তৎপূৰ্বৰেপৰা মনে মনে কৃষ্ণ-প্ৰতীক্ষাত আছিলেই। কিয়নো, তেওঁ ৰূপ অনুমান কৰিছিল যে, অকুৰ-সংবাদ পাই নিশ্চয় সেই সময়ত কৃষ্ণ তেওঁৰ ওচৰ চাপিবগৈ। অকুৰ-সংবাদৰ পুনৰুক্তি নকৰি কৃষ্ণই নন্দৰাজত এই প্ৰাৰ্থনা জনালে গৈ যে, তেওঁক অগ্ৰজ বল- ৰামৰে সৈতে মথুৰালৈ যাবলৈ অনুমতি দিব লাগে, আৰু বৃন্দাবন উপনিবেশৰ বছ-বছা বলবীৰ্যন্ত ব্ৰজবাসী আৰু গৰখীয়া সৈনিক গোপদলৰে সৈতে স্বয়ং তেৱে-অনতিপলমে মথুৰা-যাত্ৰা কৰিব লাগে। মথুৰাগমনৰ আচল উদ্দেশ্যৰ কথা কৃষ্ণই নন্দত নাভাৰিলে। কিন্তু স্বৰূপভাৱে উদ্দেশ্য প্ৰচাৰিত হলে বৃন্দাবনবাসী, বিশেষকৈ গোপিনী সকল হঠাৎ বিৰহ-বিহ্বল হৈ পৰিব বুলি ভাবি, কংসৰাজৰ ধনুৰ্যলৈ দিয়া-নিমন্ত্ৰণ মাথোন ৰাষ্ট্ৰ কৰি দি সিবিলাকক মথুৰাযাত্ৰালৈ সাজু হবলৈ কোৱা হল। কৃষ্ণৰ প্ৰস্তাবত নন্দ নীৰৱে মাস্তি হল। তাৰ পাচত, অন্যান্য লাগতিয়াল আয়োজনৰ উদ্দেশে, কৃষ্ণ কোনোবা ফালে সবেগে ওলাই গল। ইফালে যথাযোগ্য ৰাজোপহাৰৰে সৈতে মথুৰাযাত্ৰালৈ সাজু হোৱাৰ অৰ্থে, গোপবৰ্গক চপাই লৈ নন্দৰাজ আলোচনাত বহিল (১)। যদ্যপি তেওঁ কৃষ্ণৰ প্ৰস্তাবত নীৰৱে মান্তি হৈছিল, তথাপি বয়োজ্ঞানবৃদ্ধ নন্দৰাজে দূৰদৃষ্টিৰে আগ ধৰি মথুৰ আগমনৰ আগন্তুক আপদ-বিপদা- দিলৈ নোচোৱাকৈ ৰব নোৱাৰিলে;-কিয়নো কংসৰ গুপুত ষড়যন্ত্ৰ বিষয়ে তেওঁ আগৰেপৰা সঘনে সম্ভেদ পাই আছিল। বিশেষকৈ, তেওঁৰ প্ৰাণৰ পুতলি যেন শ্ৰীকৃষ্ণ ৰ লক্ষ্যকেন্দ্ৰ হোৱাত, তেওঁৰ পক্ষে নিটাল (১) (ক) হৰিবংশ, বিষ্ণুপৰ্ব, ৮২ অধ্যা। (খ) শ্ৰীমদ্ভাগৱত, দশম , ৫ম অধ্যা, ১৩-২২ শ্লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২০২
অৱয়ব