১৫৯ কৃষ্ণবধৰ মন্ত্ৰণা। সোমাবহি, সেই ছেগতে অতি সহজে কৃষ্ণক বধিব পৰা যাব। এই অৰ্থে চৌদিশে দূত আৰু কটকী পঠিয়াই নিমন্ত্ৰণ ঘোষণা কৰা হওক। কিন্তু বৃন্দাবনলৈ নিমন্ত্ৰণ স্বয়ং বসুদেৱ, নাইবা অৰৰ যোগে পঠিয়াব লাগে, তেহে সি আশু গুণ দিব।” পুৰোহিতৰ সিদ্ধান্ত সাদৰে গৃহীত হল, আৰু সেই অনুসৰি ততালিকে বসুদেৰক ধৰাই আনি ৰাজাজ্ঞা শুনোৱা গল যে, তেওঁ কটকীৰ বাব লৈ বৃন্দাবনলৈ গৈ ৰাম-কৃষ্ণক আনি দিবহি পাৰিলে তেওঁক বন্দীশালৰপৰা একেবাৰে মুক্তি দিয়া যাব। কিন্তু, কংস ৰজাৰ পাপ-অভিসন্ধিৰ সম্ভেদ পাই বসুসদৃশ বসুদেৱে সেই অজ্ঞ। সদৰ্পে দলিয়াই পেলাই, তেওঁ পুনৰপি বন্দীশাললৈ উলটি যাবলৈ অক্ষুগ্ন- মনেৰে অগ্ৰসৰ হল। বসুদেৱৰ সেই আচৰণত হতাশ হৈ কংস ৰজাই তেওঁক মধুৰ আৰু কটুৰ ভাৱে পুনঃ পুনঃ বিবিধ বিধানেৰে বিস্তৰ বুজাবলৈ ধৰিলে; কিন্তু একোপধ্যে বসুদেৱক টলাব নগল। শেহান্তৰত কংসই ৰূদ্ৰমূৰ্ত্তি ধৰি বসুদেৱক এই বুলি বিভিষিকা দেখুৱাই ককৰ্থনা কৰিবলৈ ধৰিলে,-“বসুদেৱ, তই মহামূখ। নহলে, তই আপোনাৰ যম আপুনি মাতি নললিহেঁতেন। তই নাবিলি যে, যেনেকৈ দুই হাতীৰ যুঁজৰ মাজত গছ-গছনিবোৰৰ মৰণ মিলে, আৰু যুঁজ ভাগিলে সেইবোৰ সেই হাতীৰেই আহাৰ হয়, তেনেকৈয়ে আত্মীয়- কুটুম্ব, বন্ধু-বান্ধৱাদিৰ মাজত বিবাদ উপস্থিত হলে স্বজন নাইবা ইতৰ মধ্যস্থ মানুহৰ মৰণ মিলে। হেৰ, অগুণকাৰী, গণ্ডপী, তই জানিবি এশবছৰীয়া (১) পকামূৰীয়া হলেই যে বুঢ়া বোলব পাৰি সেইটো নহয়, (১) সেই সময়ত বসুদেৱ এশ বছৰীয়া বুঢ়া। এতেকে, কৃষ্ণৰ সেই কালৰ বয়স ১৪ চৈধ্য বছৰমান বাদ দি ধৰিলে, কৃষ্ণ-জন্মশত বসুদেৱৰ বয়স ৮৬ বছৰমান হৈছিল। অতি বুঢ়া বয়সৰ সন্তান হেতুকে কৃষ্ণ অতি বুদ্ধিমান।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮৮
অৱয়ব