পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যেকাৰ। লাগিল; কনৰ হৰিণা মূৰ তুলি ঠৰ লাগিল, চাপৰিত চৰি থকা গৰু-গাই ঢাপলি ধৰি ওচৰ চাপিলহি; আৰু গৰখীয়াবুলইগহীন ঠগেৰে ঠেও ধৰি নাচোন ধৰিলে; সিফালে দূৰ দূৰণিত গোপউপনিবেশত যিমানলৈকে কৃষ্ণ মুকুলীৰ মোহন সুৰ শুনা গৈছিল, সিমানলৈকে গোপ-গোপিনীসকলে হাতৰ ৰখাৰ পেলাই ঠৰ লাগি শুনিবলৈ ধৰিলে। তাৰপাচত, শ্ৰীকৃষ্ণই মুৰুলী থৈ বাঁধ ললে, বাহী থৈ বেণু ললে, বেণু থৈ গীতত ধৰিলে। গতিক কৃষ্ণৰ কৰুণ কণ্ঠৰ বিষয়ে আগেয়েই উনুকিয়াই অহা হৈছে। তেওঁৰ কণ্ঠৰ গীতত বৃন্দাবন বিমোহিত! কৃষ্ণ-গীতৰ হৃদয়গ্ৰাহী ভাব, মৰ্মস্পৰ্শী সুৰ আৰু গা-ভোলা, তালত উৰণীকৃত হৈ গৰখীয়া সেনাপতি মন্ত্ৰী বলৰামৰ সঙ্কেত অনুসৰি, গৰখীয়াৰলে আগে আগে ঘৰমুৱাকৈ গৰু-গাই খেদি লৈ ওলটা শোভাযাত্ৰা কৰি গোপ-উপনিবেশ সোমলেহি। তাৰ পাচত আকৌ সেই চাৰিআলিমূৰৰপৰা সকলোেটি দিহাদিহিকৈ গৰুৰ জাক খেদি লৈ নিজ নিজ ঘৰ পালেগৈ।

  • ব্ৰহ্মবৈবৰ্তপুৰাণ, কৃষ্ণৰ জন্ম খঙ, গোলী।