পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬১৮ শ্ৰীকৃষ্ণ। সোদপ্ৰতিম মহাবীৰ কণ, অগ্ৰজসম যুদ্ধকৰ্ত্তা দুৰ্য্যোধনাদি আত্মীয়-কুটুম্ব সকল! আনপক্ষত পাণ্ডৱবাহিনীত পৰম পূজনীয় অগ্ৰজদ্বয় আৰু অতি চেনেহৰ অনুজযুগল, পৰম শ্ৰদ্ধেয় বৃদ্ধ শহুৰ পদ ৰজা, আপদৰ বন্ধু বিৰাটৰাজ, অতি আদৰৰ বৈনাই মহাৰথ ধৃষ্টদ্যুম, পৰম প্ৰিয়পত্নী দ্ৰৌপদীৰ পঞ্চনন্দন, প্ৰাণপ্ৰতিম ভতিজা হিড়িম্বানন্দন ঘটোৎকচ, প্ৰাণাধিক প্ৰিয়তম পুত্ৰ সুভদ্ৰানন্দন অভিমন্যু। এনে স্বতেজী, বংশী, স্বধৰ্মী, অভেদাত্মাম্বৰূপ আত্মীয়-কুটুম্বৰ মাজত প্ৰতিদ্বন্দ্বিতা! ইবিলাকৰ ভিতৰত মৰামৰি-কটাকটি! তেওঁ নিজ হাতে সেই পলক পিতামহক বধিবলৈ অস্ত্ৰ ধৰিব! সেই হাতেৰেই তেওঁৰ ধনুগুৰু দ্ৰোণাচাৰ্যৰ বিৰুদ্ধে ধনু ধৰিব! সেই হাতেই তেওঁৰ অগ্ৰজ সোদ অদ্বিতীয় বীৰ কৰ্ণৰ বক্ৰিয়া সম্পাদন কৰিব। যাৰ সিৰত তেওঁৰে সৈতে একে তেজ প্ৰবাহিত, সেই বংশ-ভাই-বন্ধুবৰ্গৰ প্ৰতি শতাচৰণ কৰি তেওঁ নিজ হাতে সিবিলাকক বধ কৰিব! এনে ভাব অৰ্জুনৰ মনত উতলি উঠিল। তেওঁ সকলো সংকল্প, সকলে কৰ্তব্য ততালিকে পাহৰি পেলালে; এনে ৰণত প্ৰবৃত্ত নহবলৈ বুলি তেওঁ হতাশ হৈ বহিল। ধৰ্ম্মক্ষেত্ৰ (১) কুৰুক্ষেত্ৰত অৱতীৰ্ণ হৈ বীৰেন্দ্ৰ কেশৰী অৰ্জ্জুন বৈৰাগ্য ভাবত বিহ্বল হৈ নিতান্ত নিৰ্বলীৰ দৰে ৰণবিমুখ হৈ বহি পৰা (১) যত ধৰ্ম্মবুদ্ধিহীন লোকৰৰ অন্তৰত ধৰ্মভাবৰ উদয় হয়, য'ত মানৱ অন্তত অক্ষ ট ধপ্ৰবৃত্তি প্ৰস্ফটিত হয়, যি ঠাইৰ স্থানীয় পৱিত্ৰ প্ৰকৃতিৰ প্ৰভাৱত তমগুণী পুৰুষৰ অন্তৰত সত্ত্বগুণৰ বিকাশ হয়, সেই ধৰ্ষক্ষেত্ৰ” কুৰুক্ষেত্ৰ তাৰ ভিতৰত সবাতকৈ বিশিষ্ট। এনে হেন কুৰুক্ষেত্ৰত মহা তমোগুণী বীৰেন্দ্ৰ কোৰী অৰ্জুন উপস্থিত সমস্যাত বিচলিত হৈ বৈৰাগ্য ভাবত সন্ধবিশিষ্ট হোৱাটো নিচেই স্বাভাৱিক।মাগবীতা, প্ৰ আধ্যা, ১ম লোক-গীতাৰ্থ সতীপী।