সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬০
শ্ৰীকৃষ্ণ।
 

সেই সকলোৰে চিত্ৰ আঁকি আনি আজিৰপৰা সাতদিনৰ মূৰত এখন চিত্ৰপট সকলোৰে আগত মই দাঙ্গি ধৰিমহি; তেতিয়া তাৰ মাজত বিচাৰি পোৱাঁ যদি তোমাৰ প্ৰাণপ্ৰতিম সপোনত পোৱা স্বামীগুৰুক বাছি লবাঁ।” ইয়াকে কৈ চিত্ৰলেখাই বিদায় লগে। সেই উক্তিত সখীসকলে তুষ্টি বোধ কৰিলে। মদন-মোহিতা উষাদেবীয়ে উত্ৰাৱল চিতেৰে গণিবলৈ ধৰিলে, সেই সুদীৰ্ঘ সাতদিনৰ কাহানিকৈ মূৰ পৰে।

 সাতদিনৰ মূৰত সেই শয়নকক্ষত আকৌ সখীসৱ একেঠাই হলহি। সখীমণ্ডলীৰ মাজত উদ্বিগ্নচিতেৰে হা-হুমুনিয়াহ কাঢ়ি চাটিফুটিকৈ থকা বিৰহবিহ্বলা উষা দেবীৰ আগত এখন বিচিত্ৰ চিত্ৰপট দাঙ্গি ধৰি চিত্ৰলেখাই অতি শুদ্ধচিতেৰে এই বুলি কবলৈ ধৰিলে, “হে সখিসকল! মোৰ প্ৰতিশ্ৰুতি অনুসৰি মই এইখন চিত্ৰপট উষাদেবীৰ আগত দাঙ্গি ধৰিছোঁ; ইয়াত মই দেৱ, দানব, কিন্নৰ, উৰগ, যক্ষ, ৰাক্ষস, গন্ধৰ্ব্ব, অসুৰ, দৈত্য আৰু অপৰ ভোগিবংশজাতগণৰ মাজত যি সকল প্ৰধান, আৰু নৰ-ৰত্নৰ মাজত যি সকল বিশিষ্ট, সেই সকলোৰে হুবহু অনুকৃতি আঁকিছো। ইয়াৰ মাজৰপৰা এতিয়া ৰাজকুমাৰীয়ে সপোনত পোৱা স্বামীধনক চিনি লওক”। তাৰ পাচত, সেই কথাত সকলোটিয়ে হয় দিয়াত, উষাদেবীয়ে চিত্ৰপটৰ এফালৰপৰা নিবিষ্টচিতেৰে চিত্ৰবোৰ এটা-এটাকৈ পৰীক্ষা কৰি চাবলৈ ধৰিলে। চাই চাই অৰ্দ্ধেকৰ অধিক চিত্ৰ পৰীক্ষা কৰি চালে, কিন্তু তাৰ মাজত তেওঁৰ দৃষ্টিয়ে তেওঁৰ ৰতিচোৰক ধৰা পেলাৰ নোৱাৰিলে; হতাশাত উষাদেবীৰ মুখৰ কান্তি ক্ৰমাৎ ম্লান পৰি আহিল। তাৰ পাচতো চায় হে চায়, কুমাৰীয়ে তেওঁৰ প্ৰাণপ্ৰতিম সপোনত পোৱা পতিধনৰ প্ৰতিকৃতি দেখা নাপায়। তথাপিতো, চাই চাই চাই দৃষ্টি চৰাই নি আছে; এনেতে পুৰুষোত্তম যদুসিংহ শ্ৰীকৃষ্ণৰ চিত্ৰত চকু পৰি উষাদেৱী চমক খাই উঠিল। কিন্তু পিচমুহুৰ্ত্ততে ইষ্টগুৰুৰ