পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫৮
শ্ৰীকৃষ্ণ।
 

সতী, সাধ্বী, শুদ্ধস্বভাৱা আৰু মনস্বিনী হৈ নিদ্ৰাদেবীৰ কোলাত আপোন-পাহৰা হৈ থাকোঁতে তোমাক কোনোবা দেৱতাপ্ৰেৰিত ভৰ্ত্তাই সম্ভোগ কৰিলেহি। গতিকে তোমাৰ ধৰ্ম্মলোপ হোৱা নাই। যাৰ পূৰ্ব্বদুষ্ট মনে প্ৰত্যক্ষ সেই দোষ কাৰ্য্যত ফলিউৱায়, তেনে নাৰীক হে অসতী বোলা যায় (১)। তদুপৰি, আমাৰ এটা কথালৈ স্মৰণ হৈছে যে, ইয়াৰ আগতে এদিন ভৱপূজা উপলক্ষীয় মহোৎসৱত মহাভৈৰৱত ভৈৰৱ-ভৈৰৱীৰ ক্ৰীড়া-কেলি তুমি চাই থাকোঁতে তোমাৰ আন্তৰিক বাসনা বুজিব পাৰি, ভগৱতী গৌৰী স্বৰূপা মহাভৈৰৱীয়ে তোমাক এই বুলি অযাচিতে এটি বৰদান কৰিছিল, বহাগ মাহৰ শুক্ল পক্ষীয়া দ্বাদশীৰ ৰাতি তুমি তোমাৰ শয়নকক্ষত সখীসৱপৰিবৃতা হৈ হৰ্ম্ম্য়াপৰি শুই থাকোঁতে তোমাক ৰুদতী অৱস্থাত যিজনে স্ত্ৰীভাৱে উপনতা কৰিব সেইজন শত্ৰুনিবহন শূৰেই তোমাৰ ভৰ্ত্তা হব। এতেকে, গমি চোৱা, হে দেবি। ঠিক সেই দিন, সেই ক্ষণ, সেই স্থান সেই অৱস্থা এতিয়া হয় নে নহয়” (২)

 কুম্ভাণ্ড জীয়াৰী প্ৰজ্ঞাদেবীয়ে স্মৰণ কৰাই দিয়াত, বাণৰাজনন্দিনী উষাদেবীয়ে মহাভৈৰবী দেবীৰ বৰদানলৈ সুমৰি চাই বিস্ময় মানিলে। তাৰ পাচত, ভুত-ভবিষ্যত গুণি, হৰ্ষবিহ্বল হৈ, আনন্দৰ চকুলো টুকি, কুমাৰীয়ে সখীয়াক সাবটি ধৰি, তেওঁৰ সুবলিত কৰ্ণমূলৰ তলত নিজৰ লাজত অৱনত শিৰক আশ্ৰয় দি, আবেগৰ ঘনউশাহ


(১) উষাদেৱীৰ এই গৰাকী সখী বাণৰজাৰ মহাজ্ঞানী ঘাই-মন্ত্ৰী কুম্ভাণ্ডৰ কন্যা; নাম প্ৰজ্ঞাদেবী। পিতাক ৰাজমন্ত্ৰীয়ে ৰজাক যেনেকৈ সততে সাৰগৰ্ভ উপদেশ দিছিল, এই মন্ত্ৰীকন্যা সখীও ৰাজকুমাৰীক তেনেকৈ সদায় জ্ঞানগৰ্ভ উপদেশ দানত নিযুক্তা আছিল৷

২) এই দেৱৰাণীৰ বিষয়ে অলপ আগতে এটি টিপ্পনী দি অহা গৈছে।