পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪। অধ্যা। গুহাতিগুহ গীতাতত্ত্ব—সঞ্জয়-মন্তব্য। সামৰণিত পৰম গুৰু শ্ৰীকৃষ্ণই পৰম প্ৰিয়-শিষ্য অৰ্জনক এই বুলি শেষ উপদেশ দিলে, “হে অৰ্জুন! মই তোমাৰ আগত গুহাতিগুহ আত্মজ্ঞান (১) ব্যাখ্যা কৰিলো। এতিয়া সেই ব্যাখ্যাৰ আদিৰপৰা অন্তলৈকে অতি গভীৰ ভাৱে সুমৰি চাই তুমি যেনে যুগুত বিবেচনা কৰা, তাকে কৰা। হে অৰ্জুন! তুমি সমুদায় ধৰ্মৰ অনুষ্ঠান (২) সাৰ কৰি কেৱল ভগৱানৰ শৰণাগত হোৰ, তেনেহলেই তুমি সৰ্ব- পাপৰপৰা মুক্তি পাব যে তাত সংশয় নকৰিবা (৩)। হে অৰ্জুন! তোমাৰ হিতাৰ্থে যি গুহাতিগুহ গীতা ব্যাখ্যা কৰিলে, এই ব্যাখ্যা- (১) মন্ত্ৰ-তন্ত্ৰ মণিৰসায়নাদি গুহপদাৰ্থতকৈও আত্মজ্ঞান হত। কিয়নো, মণিমানিয়ে নিত্য সাংসাৰিক মুখ মাথোন লাভ কৰায়, কিন্তু অত্মিজ্ঞানৰ প্ৰভাৱত জীবই ব্ৰহ্মানন্দপ নিতালুখ লাভ কৰে। (২) সৰ্বধৰ্মান পৰিত্যজ্য’ বোলোতে ‘সৰ্বকৰ্মসন্ন্যাস' বুলি বুজিব নালাগে। কিয়নো, ভগৱানৰ শৰণাগত হোৱাও এক কৰ্ম। গতিকে, ইয়াকে হে বুজিব লাগে যে, সৰ্বধৰ পৰিত্যাগ কৰিলেও যি পাপ হব পাৰে, ভগৱানৰ শৰণাগত হলে তেনে পাপৰ প্ৰায়শ্চিত্ত হয়। শ্ৰীধৰণীকৃত টাকা। (৩) সৰ্বান পৰিত্যজ্য মামেকং শৰাং এ। অং সৰ্বপাপেভ্যো নোঙ্গৰিব্যাদি মা। -গীত, ১শ ৬ কে।