পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ন সিহঁতৰ মতে বিষয়ভোগ সুখৰ অভিলাষী শ্ৰী-পুৰুষৰ সংঘোগেই জগৎ- সাৰ প্ৰাকৃতিক নিয়ম, আৰু কামেই জগতৰ উৎপত্তিৰ ইয়াত বাজে অন্য কাৰণ নাই। এই আনুৰী প্ৰকৃতিৰ মানুহৰ আত্মা সততে কাম, ক্ৰোধ, লোভ, মোহদি বাসনাৰ দ্বাৰাই আবৃত (১); গতিকে সিহঁত অল্প বুদ্ধিজীবী (২)আৰু উগ্ৰকৰ্মা (৩), সিহঁতে অন্যৰ অহিত সাধনৰ অৰ্থে জন্মগ্ৰহণ কৰে। সিহঁতে হৃদয়ৰ পূৰাৰ নোৱাৰ বাসনাজনিত দম্ভ, মান, মত উন্মত্ত হৈ অশুচি আৰু শাস্ত্ৰবিৰুদ্ধ কাৰ্যত প্ৰবৃত্ত হয়। অশুভ •বাসনায়ুত আসুৰ স্বভাবী মানুহে পাপ, পুণ্য, পৰলোক, স্বৰ্গলাভ, নৰক- গতি, মোষ্ণপ্ৰাপ্তি এইবোৰ একোকে নামানে; তাহাতৰ বিশ্বাস যে, যিমান দিন দেহ, সিমান দিনলৈ মাথোন জীৱন; আত্মাৰ অস্তিত্ব সিহঁতে নামানে। গতিকে, এই জীয়াই থকা কালত বিষয়জনিত মুখভোগেই সিহঁতৰ পুৰুষাৰ্থ। আশে-পাশে অশেষ আশা ডোলেৰে বান্ধৱাই সিহঁতে বিষয়-বাসনা পূৰাবৰ অৰ্থে অন্যায় বৃত্তি ধৰি অৰ্থ সঞ্চয় কৰে। অণ্ডত বাসাযুত আৰ। প্ৰকৃতিৰ মানুহ কেৱল ধনৰ আকাক্ষাত মগ্ন। আসুৰী বাসনাৰ মানুহে নিজকে অতি ক্ষমতাশালী সৰ্বেসৰ্বা ঈশ্বৰ যেন (১) বাসনাই যে সংসাৰৰ অন্তৰ মুল, সেই বিষয় বহুল ব্যাখ্যা গীতাৰ ১৫শ, আধ্যাত খলাই কোৱা হৈছে; ১৬, আধ্যাৰ এখন এই কেইটা মোকত সেই বাসনাৰ তত্বজ্ঞানৰ আভাস আৰ কৰা হৈছে। ১০, অ্যাখ্যাত অতীত পুৰুষৰ লক্ষণ কীৰ্তনৰ লগত এই দৈব ভূতা বিষয়ৰ আভাস দিয়া হৈছে। (২) অল্প অল, মাংস, কধি, মজাজি নিন্দিত পদাৰ্থযুক্ত দেয়। যি দেহত অংকুচি, সিৱে অল্পবুদ্ধি। (৩) যি দেহাক মাখোন পালিৰৰ উমেশে শালিৰি কাৰ্যত এত , সিই অঞ্জ।