পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ সৰ্পসমূহক দেখিছোঁ; ঋষিগণক দেখিছো সৰ্বনিয়ন্তা পদ্মাসনস্থিত এহ্মাকো দেখা পাইছো। হে বিশ্বেশ্বৰ। হে বিশ্বৰূপ। হে বহুবাহোৰ বহুউদৰ, বহুমুখ, বহুনেত্ৰবিশিষ্ট অনন্তৰূপধাৰী ভগৱান। তোক সৰ্বত্ৰতে সৰ্বব্যাপীৰূপে দেখা পাইছে; তোমাৰ অন্ত-মধ্য-আদি পৰ্যন্ত দেখি পৰম পুলকিত হৈছোঁ। হে প্ৰভো৷ কিৰীটিযুত গদাচক্ৰধাৰী মহা দীপ্তিমান তোমাৰ অপ্ৰমেয় ৰূপ সৰ্বত্ৰতে বিৰাজমান দেখিছো। হে ঈশ্বৰ! তুমিয়েই পৰম অক্ষৰ, তুমিয়েই পৰম জ্ঞাতব, তুমিয়েই জগতৰ আশ্ৰয়, তুমিয়েই সনাতন ধৰ্মপাল; তুমিয়েই যে সনাতন পৰমাত্মা পুৰুষ তাত আৰু মোৰ ধনিষ্ঠমাননা সন্দেহ নাই। হে ভগৱান্। মই দেখিছো, তুমি উৎপভি-স্থিতি-ধ্বংসৰহিত, তুমি অনন্ত-প্ৰভাবশালী, তুমি অনন্তবাহু, তুমি নিজৰ তেজেৰে সমস্ত জগতক তেজিয়ান কৰি ৰাখিছ। হে পৰয়া! তুমি অকলশৰে স্বৰ্গ, মৰ্ত্য, আৰু সৰ্বদিগব্যাপী হৈ আছ। তোমাৰ এই চমৎকাৰ ৰূপ দেখি, আৰু সেই ৰূপৰ উগ্ৰ তে প্ৰভাৰত ত্ৰিভুবন ভয়ত বিহ্বল হৈ পৰিছে। হে মহাপ্ৰতো। দেখিছে, দেৱতাসকলে অস্তমান হৈ তোমাত শৰণ লৈছে, মহষি আৰু সিদ্ধগণে স্বস্তি বচনেৰে তোমাৰ স্তৱ কৰিছে! হে ভগৱন্ত। মই আৰু দেখিছোঁ, ৰূ, আদিত্য, বস্ত্ৰ, সাধ্য, বিশ্বদেৱ, অশ্বিনীকুমাৰ ভয়, মৰুৎগণ, উপগণ (১), গন্ধৰ্ব, যক্ষ, অনুৰ, সিদ্ধ সকলোৱেই তোমাক দৰ্শন কৰি বিস্ময় মানিছে। হে মহাবাহে! তোমাৰ এই বিস্ময়জনক বিশ্বৰূপ দৰ্শন কৰি সমস্ত জীৱই ভয়ত আহি (১) উম্মপগণ মানে পিতৃগণ। বংশধৰগণে শ্ৰদ্ধাৰে সৈতে এ-পিণ্ডাদি দান কৰিলে তাৰ ভাগ”, অৰ্থাৎ তাত নিহিত পবিত্ৰ তেজশক্তি পান কৰি টিলাভ কৰা অৰ্থত “উপ” বোলা হয়।