সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1996 শ্ৰীকৃষ্ণ। জীৰৰ পুনৰ্জন্ম, নাইবা ব্ৰহ্মনিৰ্বাণ লাভ হয়। অৰ্থাৎ, মৰণমুহূৰ্তত যি মানুহে সংসাৰৰ ভোগ্য বিষয় চিন্তা কৰে, সি পুনঃ পাৰ্থিব দেহা ধাৰণ কৰে; যি পুৰুষে শিব, বিষ্ণু আদি চিন্তা কৰে, তেওঁ তদ্ৰুপ ৰূপ ধাৰণ কৰে; যি ভক্তই ঐকান্তিক প্ৰেমৰ আৱেশে আত্ম-সমাধান কৰি দেহ ত্যাগ কৰে, তেওঁ ব্ৰহ্মনিৰ্বাণ লাভ কৰে। এতেকে, হে অৰ্জুন! সৰ্বদায় মোক (পৰমাত্মাক) স্মৰণ কৰিবা; উপস্থিত যুদ্ধত প্ৰবৃত্ত হোৱা আৰু মনোবুদ্ধি সমুদায় মোত, (পৰমাত্মাত) অৰ্পণ কৰা; তেনেহলেই মোক লাভ কৰিব। যে তাত অনুমাত্ৰও সংশয় নাই (১)।” ৰণলৈ পিঠি নিদিয়াটো এটা ক্ষত্ৰিয়োচিত বিশিষ্ট ধৰ্ম। এতেকে, যুদ্ধ কৰিবলৈ ওলাই আহি, অপৰপক্ষ যুদ্ধত প্ৰবৃত্ত থকাৰ স্থলত, তালৈ পিঠি দিলে অৰ্জুনৰ স্বধৰ্ম বিনষ্ট হব, আৰু তাৰ ফলস্বৰূপ চিত্তশুদ্ধি আৰু নিষ্কামতা লাভ কৰিব নোৱাৰি তেওঁ মুক্তিপদৰপৰা বঞ্চিত হব; সেই কাৰণে, ভকতবৎসল ভগৱান শ্ৰীকৃষ্ণই ভক্তশিষ্য অৰ্জুনক যুদ্ধত প্ৰবৃত্ত হবলৈ পুনঃ পুনঃ উদগনি দিছে। “হে পাৰ্থ! সৰ্বদায় একান্তচিত্তেৰে পৰমাত্নচিন্তনৰ অভ্যাস যোগসাধনৰ দ্বাৰাই পৰব্ৰহ্মপ্ৰাপ্ত হোৱা যায়। সৰ্বজ্ঞ (২), সৰ্বনিয়ন্তা, সূক্ষ্মতকৈও সূক্ষ্মত, সকলোৰে বিধাতা, অনাদি অচিন্ত্যৰূপ দিব্য পুৰুষক যি কায়মনোবাক্যে চিন্তা কৰে, তেওঁ মৰণ-মুহূৰ্তত একাগ্ৰচিত্ত, ভক্তি আৰু অভ্যস্ত যোগবলৰ দ্বাৰাই প্ৰাণবায়ুক যুগলৰ মাজত স্থাপন কৰি সেই পৰব্ৰহ্মক লাভ কৰে।” (৩) (১) গীতা, ৮ম, অধ্যা, ৭ম, শ্লোক। (২) ভুত, ভবিষ্যত আৰু বৰ্তমান বিষয়ৰ অষ্টা হেতুকে পাক কৰি ৰা সৰ্বত বোলা যায়। (৩) গীতা,,আখ্যা, ১০ কোকৰ মুঠ বা সংযোগ ব্যায়া।