পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নিষ্কাম কৰ্ম্মযোগ।
৬৩৯
 


আত্মজ্ঞান লাভ হয়। এই আত্মপ্ৰসাদ লাভ হলেই, সমস্ত দুখৰ বিনাশ হয়, প্ৰাণত শান্তি জন্মে; কিয়নো বিশুদ্ধচিত্ত লোকৰ বুদ্ধি অতি সহজে আৰু সোনকালে আত্মাত প্ৰতিষ্ঠিত হয়। কিন্তু, যি আপোনাৰ মন জয় কৰিব নোৱাৰে, সেই অজিতেন্দ্ৰিয় পুৰুষৰ বুদ্ধিও নাই, জ্ঞানো নাই; আত্মচিন্তাশক্তিশূন্য লোকৰ শান্তি নাই; অশান্তচিত্ত লোকৰ কতো কেতিয়াও সুখ নহয়। এতেকে, মুখ্য উদ্দেশ্য সাধন কৰিবলৈ হলে প্ৰথমে মনক আত্মবশলৈ আনিব লাগিব।” [(১)]

 মন অতি দুৰ্দ্দম। এনে দুৰ্দ্দম মনে যদি এটামানো অসংযত ইন্দ্ৰিয়ক অৱলম্বন কৰে, তেনেহলে, প্ৰতিকূল বতাহে পাই নাৱৰ গতিভ্ৰষ্ট কৰাৰ দৰে, সি সমাধিস্থ পুৰুষৰ বিবেকবুদ্ধি হৰণ কৰি তেওঁক গম্য পথৰপৰা বিচলিত কৰে। এটা অসংযত ইন্দ্ৰিয়ৰেই যদি ইমান প্ৰভাৱ, তেন্তে যাক একাধিক অসংযত ইন্দ্ৰিয়ই পায়, তাৰ জানো কি যে সৰ্ব্বনাশ ঘটে। গতিকে, হে মহাবাহো! যাৰ সমস্ত ইন্দ্ৰিয়গণ নিজৰ বশীভুত হয়, তেওঁৰ পক্ষে হে প্ৰজ্ঞা আত্মজ্ঞান লাভ সম্ভৱ। জীৱ আৰু ব্ৰহ্ম বা জীৱাত্মা আৰু পৰমাত্মাৰ অভেদাত্মা বোধকে প্ৰজ্ঞা বোলা যায়। এই প্ৰজ্ঞা অজ্ঞান জনৰ চকুত অদৃশ্য। ৰাতি বুলিলে সাধাৰণতে আন্ধাৰ বুজায়। তদ্ৰুপ প্ৰজ্ঞাৰ বিপৰীত হৈছে অবিদ্যা। সে ই কাৰণে, সাধাৰণ লোকে যেতিয়া অবিদ্যাৰূপ আন্ধাৰত খেপিয়াই ফুৰে, আত্মাসাক্ষাৎকাৰীগণ তেতিয়া স্থিৰপ্ৰজ্ঞ; আৰু অবিদ্য- মগ্ন সাধাৰণ লোক যেতিয়া বিহ্বল, বিমোৰ আৰু অচেতন, ব্ৰহ্ম ক্লানী তেতিয়া সবল, সজাগ আৰু কৰ্তব্যপৰায়ণ। [(২)]” এই বুজনিৰে সৈতে ভগৱান শ্ৰীকৃষ্ণই মহাবাহু অৰ্জ্জুনক ইন্দ্ৰিয়জনিত মায়া-মোহ ত্যাগ কৰি উপস্থিত ৰণত আগুৱাবলৈ উদগনি দিয়ে।


^  গীতা, ২য় আধ্যা,৬৪—৬৬ শ্লোক।
^  গীতা, ২য় আধ্যা,৬৭—৬৯ শ্লোক।