পৃষ্ঠা:শিশুপাল বধ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮ )


তই কি নিমিত্তে, এতেক কদৰ্থ, কিয় কৰ অপমান॥ ২২ ॥ পৰে দিয়ে দান কৰে বহু- মান, তোৰ ভৈল কিবা হানি। ভিক্ষাৰ ভাতত, পথালি হোৱস, কোন কথা মনে গুণি॥ নমাগোঁ নোখোজোঁ, তথাপিতো দিয়ে, লৱা বুলি হাত তুলি। তেনে দানগোট, কোনে নলৱয়, মোক নলাগয় বুলি॥ ২৩ ॥ এক জনে দিয়ে, এক জনে লৱে, আৰুটে আসিয়া বাধে। জানিবা গঙ্গাত, আপোনাৰ হাতে, দহোটা কপিলা বধে॥ নিলগা কথাক, গোটেওঁ নিলগ, নিলগ পাতক পাৱে। সকলে বংশৰ, আশা ছেদ কৰি, মৰি নৰকক যাৱে ॥ ২৪ ॥ শুনা সভাসদ, হুয়া নিশবদ, অতপৰে ধৰ্ম্ম নাই। কৃষ্ণৰ কথাত, সদা ৰতি হোক, তেবেসে কৃষ্ণক পাই॥ কৃষ্ণৰ চৰণে, পশিয়ো শৰণে, তেজি ভাস ভূষ কাম। যেবে দুঃখ তেজি, বৈকুণ্ঠক যাইবা, ঘুষিয়োক ৰাম ৰাম॥ ২৫ ॥