পৃষ্ঠা:শিশুপাল বধ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৪ )


ভাৰ্য্যাৰ, বচন শুনিয়া, থিৰ ভৈলা যদুপতি। ৰাজ সমাজত, পাপীষ্ঠক কাটি, অবশ্যে দিবোঁ মুকুতি॥ দণ্ড দুই মানে, সিটো চক্ৰ খান, ফুবাইলন্ত চক্ৰপাণি। হেৰ শিশুপাল, বুলি নাৰায়ণে, সত্বৰে পাঠাইলা হানি॥ ৭৫ ॥ কৃষ্ণে এড়িলন্ত, সিটো চক্ৰখান, বায়ু বেগে গৈলা খেদি। তৃণতো অধিক, শিশুযে পালৰ, মাথাটী পেলাইলা ছেদি॥ কৃষ্ণৰ চৰণে, মিলিল তেখনে, তাৰ তেজ পুঞ্জচয়। জয় কৃষ্ণ ধ্বনি, কৰে ৰাজাগণে, দেৱে পুষ্প বৰিষয়॥ ৭৬ ॥ শুনা সভাসদ, কথা সমাপত, সভা পৰ্ব্ব নামে পদ। যিবাজনে শুনে, যিবাজনে ভণে, সবাৰো খণ্ডে আপদ॥ এতেকে জানিয়া, কৃষ্ণক মানিয়া, নেড়িবা কৃষ্ণৰ নাম। সংসাৰ সাগৰ, তৰিবা লীলায়ে, ডাকি বোলা ৰাম ৰাম॥ ৭৭ ॥

সম্পূৰ্ণ।