( ১৯ )
॥ ৫৬ ॥ নগড়া ঢকড়া, উটা গড়া গড়া, মগনা
চচনা জীৱ। তৰক তৰন্ত, কথা বোৰ মাতি,
তইনো পাপীষ্ঠ কিৱ॥ এই কথা বোৰ,
কৈয়াযে লোকত, ফুৰস সাধু বোলাই। এবে
বাপু লোক, কথা শুনিয়োক, তাক কহোঁ সমু-
দাই॥ ৫৭ ॥ এতেক ৰাজাত, খুজিয়া নপা-
ইলোঁ, হাত জোঙ্কাইবাৰ ঠাই। মহাৰাজা হুয়া,
হাতক জোঙ্কাইলোঁ, গোৱাল গোটক পাই॥
ৰুক্মিণী কন্যাৰ, যি কথা কহিলে, ৰাজ সমাজত
আসি। ই কথা বোৰক, কৈয়া যে আনিলে,
সবেওঁ মৰিবা হাসি॥ ৫৮ ॥ কৈবাক নিন্দিত,
আতি অদভূত, শুনিয়ো সবে সমাজ। লাজ
মৰ্য্যদাক, কিছু নাহি কয়, ই পুনু বড় নিলাজ॥
সবাতে যে আগে, দেখি ৰুক্মিণীক, কেৱলে
পাগল ভৈল। লাজ মৰ্য্যদাক, ছাড়িয়া নিলাজ,
ধৰি টানিবাক লৈল॥ ৫৯ ॥ ৰাজ সমাজত, সবাৰো
আগত, আঝুৰি হাতত ধৰি॥ বিদ্যুত সঞ্চাৰে,
ৰথত তুলিয়া, লৈয়া গৈল চুৰী কৰি॥ ঝুট কৰি
আসি, হাসিটো তুলিলোঁ, কি গোটে পাইলে
বুঁলি। ধৰ্ম্ম ধৰ্ম্ম স্মৰি, সবেওঁ থাকিলোঁ, নাকত