সমললৈ যাওক

পৃষ্ঠা:শনি চৰিত্ৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শনি চৰিত

আদ্যাশক্তি ভগৱতী দেবী বিশ্বেশ্বৰী।
প্ৰণামোঁ তাহান পদে দান্তে তৃণ ধৰি॥
বিঘ্ন বিনাশক সৰ্ব্বসিদ্ধিৰ কাৰণ।
গণনাথ লম্বোদৰ পাৰ্ব্বতী নন্দন॥
দেৱগণ মাজে অগ্ৰে যাহাৰ পূজন।
প্ৰণামোঁ তাহাৰ দুটি ৰাতুল চৰণ॥
বীণাপানি সৰস্বতী বিষ্ণু মনোলোভা।
ৰজত ধৱল যাৰ শৰীৰৰ প্ৰভা॥
বাগ্‌দেবী হংসযানী ত্ৰিলোক ঈশ্বৰী।
প্ৰণামোঁ তাহান দুটি চৰণত ধৰি॥
গুৰুৰ চৰণে কৰি একান্ত ভকতি।
সাধুজন চৰণত ৰাখি নিজ মতি॥
পদ্যছন্দে বিৰচিবোঁ শনিৰ চৰিত।
শুনিয়োক নৰলোক স্থিৰ কৰি চিত্ত॥
ৰবিসুত মহাগ্ৰহ ছাঁয়াৰ নন্দন।
যাহাৰ প্ৰসাদে হয় দুৰ্গতি খণ্ডন॥
পবিত্ৰ পঞ্চম বেদ শ্ৰীমহাভাৰত।
লক্ষশ্লোকে বিৰচিত ধৰাধামে খ্যাত॥
ধৰ্ম্ম আত্মা মহাঋষি বেদব্যাস কৃত।
জ্ঞানৰ সাগৰ ভাগ ওঠৰ পৰ্ব্বত॥
বনপৰ্ব্বে আছে তৈতে শ্ৰীবৎস কাহিনী।
কৃষ্ণমুখে শুনে যুধিষ্ঠিৰ মহামানী॥