এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
শনি চৰিত
ৰাজাৰ এতেক বাক্য শুনি শনৈশ্চৰ ।
চিত্ত নোহে স্থিৰ কোপে কম্পে কলেৱৰ ॥
বিমৰিষ মনে পাছে সভা পৰিহৰি ৷
তথা হৈতে তেতিক্ষণে গৈলন্ত আতৰি ॥
সন্তুষ্টা হইয়া লক্ষ্মী শ্ৰীবৎসৰ প্ৰতি ।
কহিলা মধুৰ বাক্যে শুনা নৰপতি ॥
দীর্ঘজীবি হোৱা ৰাজা মোহোৰ বৰত ।
থাকিবো অচলা হৈয়া তোমাৰ গৃহত ॥
সুখে-দুখে কোনো কালে নাছাড়ি তোমাক 1
ছায়াৰ সদৃশ বৈবোঁ এহি মোৰ বাক ॥
এতিমতে নানাবিধ আশীৰ্ব্বাদ কৰি ।
বৈকুণ্ঠে চলিয়া গৈলা সিন্ধুৰ কুমাৰী ॥
অত অনন্তৰে কথা শুনা নৰপতি ।
শ্রীবৎস ৰাজাৰ ভৈলা যেনুৱা দুৰ্গতি ॥
মহাগ্রত শনৈশ্চৰ খ্যাত চৰাচৰ ।
বিষম তাহাৰ কোপ শ্রীবৎস ওপব ॥
ছিল চাই ফুৰে শনি ক্রোধিত অন্তৰ ।
হেন কালে ঘটে যেন শুনা নৰবৰ ॥
একদিনা স্নান কৰি শ্ৰীবৎস নৃপতি ।
বসিনস্ত সিংহাসনে হৈয়া হৃষ্ট মতি ॥
হেনকালে কৃষ্ণবর্ণ কুকুৰ আসিলা ।
ৰাজাৰ স্নানৰ জল খাইয়া গুছি গৈল ॥