এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কুঁহিমলা
১৩
তইয়ে কৈছিলি বহোঁত বহোঁতে
শিলো যদি লোপ পায়,
তোৰে বুকুতেই লইয়ে সাদৰে
দিবি মৰমৰ ঠাই ।
তইয়ে কৈছিলি চালোঁতে যদিহে
চুমা খাবলই মোক,
শাপ দিয়ে আহি কোনো নৰকীয়ে
শিলা হৈ চাবি মোক ।
ৰবি চিৰকাল সেই ভাৱতেই
ৰবি তই থৰ লাগি
মোৰ ৰূপ ভাই অনন্ত কালত
নিতে মতলীয়া হবি।
তইয়ে কৈছিলি দুয়োৰো ৰঙত পীৰিতি আমাৰ ৰব চিৰকাল
জুৰিটি হিংসাত পুৰি বব সাঁত বিশ্ব জুৰি,
শুকাই গলেও নেভাগে আমাৰ উলাহ-মালহে নাচিম, দুইয়ো
আনন্দ-মোহন-পুৰী । প্রেম সাগৰ পৰি।