সমললৈ যাওক

পৃষ্ঠা:শনি চৰিত্ৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শনি চৰিত

ইমতে বচন-যুদ্ধ দুয়োৰে বাজিল।
মীমাংসাৰ হেতু দুয়ো পৃথিবী আসিল॥
লক্ষ্মী বোলে নৃপশ্ৰেষ্ঠ শ্ৰীবৎস ৰাজন।
কৰোক বিচাৰ সেই ন্যায় পৰায়ণ॥
তাৰ বাক্যে স্থিৰ হৈবে কোনজন বৰ।
স্বৰূপ সিদ্ধান্ত ইটো জানা শনৈশ্চৰ॥
এহি বুলি তৈৰ হন্তে আসি দুয়োজন।
শ্ৰীবৎস ৰাজাৰ দ্বাৰে দিল দৰশন॥
স্নান হেতু যায় ৰাজা ইহেন সময়।
দ্বাৰে উপনীত লক্ষ্মী শনি মহাশয়॥
সভয় অন্তৰে ৰাজা দুইহাঙ্কো দেখিয়া।
প্ৰণামিলা ভক্তিভাৱে দণ্ডৱত হইয়া॥
বুলিবে লাগিলা ৰাজা গদগদ বাক।
কিবাহেতু আসি আছা কহিও আমাক॥
কিনো মহাভাগ্য আজি মিলিল আমাৰ।
কোন প্ৰয়োজন সাধোঁ তোমা দোহাকাৰ॥
হেন শুনি ধীৰে ধীৰে কহে শনৈশ্চৰ।
প্ৰয়োজন আছে ৰাজা তোমাৰ গোচৰ॥
বিচাৰ কৰিয়া কহ শ্ৰীবৎস ৰাজন।
আমি দুজনৰ শ্ৰেষ্ঠতৰ কোনজন॥
শ্ৰীবৎস ৰাজন মহা সঙ্কটে পৰিলা।
মনে মনে নৰপতি প্ৰমাদ গণিলা॥