পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
শ্ৰীশ্ৰীদেবী ভাগৱত।

পূৰ্ব্বত অভয় দিলা আবে হিংসা কৰা।
শ্ৰুতি ধৰ্ম্ম সত্য কৈক গৈল দেব বৰ॥
অস্ত্ৰহীন ভয়াতুৰ শৰণা গতক।
মাৰিবাক যোগ্য নোহে ইটো সমস্তক॥


দেবতাৰ উত্তৰ।

পদ।

দেবগণ বোলে তোৰা সকলো মায়াবী।
পাঞ্চিয়াছ মন্ত্ৰ লাগি শুক্ৰগুৰু কবি॥
কৰিছন্ত তপ শুক্ৰ আমি শুনি পাইলো।
এতেকতে সত্যযুদ্ধ সাজি খেদি আইলো॥
যুদ্ধ সজ্জা কৰে যিটো অস্ত্ৰ মন্ত্ৰ ধৰে।
চিদ্ৰলভি হেণ শত্ৰু বধিবে সত্ত্বৰে॥
এহি সনাতন ধৰ্ম্ম শুন দৈত্য সৰ্ব্ব।
এতেকে দেবৰযুদ্ধ নোহন্ত অধৰ্ম্ম॥
ব্যাস দেব কহে পাচে দেবা বাক্য শুণি।
পৰস্পৰে বিমৰিষি মাছিলন্ত গুণি॥
ভৈলন্ত বিহ্বল ভয়ে পলাই অন্তৰিল৷
শুক্ৰ গুৰু মাতৃ স্থানে শৰণে পশিল॥