পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
শ্ৰীশ্ৰীদেবী ভাগৱত।

ইন্দ্ৰ পাঞ্চিআছে বুলি আশঙ্কা নকৰ।
দৌত্য কাৰ্য্যে তযু ৰাজ্যে নাহো নৃপবৰ।
তীৰ্থ স্নান হেতু আমি নম্মদাত গৈলো।
জলে নামি তৈত মহা বিপদে পৰিলো॥
ভয়ানক কাল সৰ্পে মেঢ়াই ধৰিল।
পাছে ঠোটে কৰি মোক পাতালে আনিল।
বিষ ভয়ে ভগবানে কৰিলো স্মৰণ।
নিৰ্ব্বিষ ভৈলন্ত অহি বিষ ততক্ষণ॥
সৰ্পগ্ৰাহে মুক্ত ভৈলো ঈশ্বৰ স্মৰণে।
আসিলো তোমাৰ ৰাজ্যে দৰ্শন কাৰণে॥
তুমি মহা বিষ্ণু ভক্ত দৰশন লাগি।
আসি ভৈলো তযু সঙ্গ মনে অনুৰাগি॥

প্ৰহ্লাদৰ প্ৰশ্ন॥

ব্যাস দেব কহে নৃপ মুনি বাক্য শুনি।
হিৰণ্যকসিপু সুতে মাতিলন্ত গুণি॥
পৃথিবীত কোন কোন তীৰ্থ পুন্যবান।
পাতাল স্বৰ্গত আৰু আছে কোন স্থান॥