পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
শ্ৰীশ্ৰীদেবী ভাগৱত।

তিন গুণে মায়া সৃষ্টি জগত সংসাৰ।
ব্ৰহ্মা আদি তৃণ গুল্ম ইটো চৰাচৰ॥
ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ অহঙ্কাৰ পাশে বন্ধ।
ভ্ৰমিবে লাগিছে ইটো জগতৰ মধ্য॥
সি সকলো সংসাৰে যুৰিছে পুনঃপুনঃ।
বশিষ্ঠ নাৰদ আদি মহা জ্ঞানী জন॥
দেহ ধাৰী মাত্ৰে ৰাজা ত্ৰিলোক ভিতৰে।
মায়াজাল মুক্ত কোন আছে নৰবৰে॥
কাম ক্ৰোধ লোভ মোহ হিংসা অহঙ্কাৰ।
দেহ যাৰী নৰে এড়িবাক শক্তি কাৰ॥
বেদশাস্ত্ৰ পঢ়ে আৰু পুৰাণ বিচাৰে।
তীৰ্থ পৰ্য্যটন দান ধ্যান পূজা কৰে॥
বিষয়ে আশক্ত সৰ্ব্ব কৰ্ম্মকে কৰয়।
চৌৰ হেন পূৰ্ব্বৰ প্ৰাক্তন নেদেখয়॥
সত্য ত্ৰেতা দ্বাপৰতো ধৰ্ম্ম বিঘ্ন যেবে।
কলিৰ মলিন জীবে কিবা কহা তেবে॥
লোভ মোহ দ্ৰোহ স্পৃহা জগতে বৰ্ত্তিছে।
সংসাৰিক ধৰ্ম্ম ইটো বিচাৰ কি আছে॥
মহন্ত বিৰল সবে অহঙ্কাৰে পূৰ্ণ।
সম দম জীত ক্ৰোধ নাহি একো জন॥