পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
চতুৰ্থ স্কন্ধ।


অগ্নি লাগি বৃক্ষ যেন হোৱে চাৰখাৰ।
দেহত উৎপন্ন ক্ৰোধ দেহৰ বিকাৰ॥
এত ভাবি ভাইক ডাকি সম্বুদ্ধি বুলিল।
কোন কাৰ্য্য কৰো আবে কহা মহাবল॥
নৰ নিগদতি দেব কোপ এড়া মন।
ধৈৰ্য্য ধৰি অহঙ্কাৰ কৰা বিসৰ্জ্জন॥
পূৰ্ব্বে অহঙ্কাৰ দোষে তপ নষ্ট ভৈল।
দানবৰ সঙ্গে মহা সগ্ৰাম ঘটিল॥
দেবমানে সহস্ৰ বৰিষ ঘোৰ যুদ্ধ।
প্ৰহ্লাদৰ সমে পূৰ্ব্বে মিলিল অদ্ভুত॥
বহু দুঃখ পাইলো তাত যুদ্ধে আমি সব।
এতেকতে শান্ত হুই এড়া ক্ৰোধ তাৰ॥
বিশেষতো তপসীৰ শান্ত মাত্ৰমুল।
মুনি জনে কহিছন্ত এহিসে নিৰ্ভুল ॥


অথ জন্মেজয়ৰ প্ৰশ্ন।

পদ।

জন্মেজয় বদতি শুনিযো মুনিবৰ৷
প্ৰহ্লাদ মুনিৰ যুদ্ধ সংশয় ডাঙ্গৰ॥