পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৭
শ্ৰীদেবীভাগৱত।

ক্ষনিকতে মুৰ্চ্ছাএৰি কহো পুনৰপি।
গোবিন্দৰ পদ প্ৰান্তে বদন আৰোপি॥

তুলসীৰ অনুনয়॥
পদ।

তুলসী বিনাৱে প্ৰভু দেব জগন্নাথ।
দয়া ধৰ্ম্ম নাইতযু পাৰাণ সাক্ষাত॥
ছলে ধৰ্ম্ম নাশিমোৰ স্বামী বধকৈলা।
কোনদোষে মোক হেন বিঘিনি ঘটালা॥
সমস্তৰ মধ্যেতুমি পাৰাণ হৃদয়।
এতেকে পাৰাণ তুমি হোৱা দয়াময়॥
যিজনে তোমাক সাধু বোলে নাৰায়ণ।
সিজন পাগল মুৰ্খ কহিলো বচন॥
পৰঅৰ্থে বিন৷অপৰাধে নিজভৃত্য।
কিহেতু ৰাজাক তুমি কৰিলা নিহত॥
এতবুলি বিলাপিয়া কান্দিবে ধৰিল।
আঞ্চলে বদন ধাকি ফুকৰি কান্দিল॥
দেখি হৰি কৰুণা সাগৰ ভগবাণ।
হাতেধৰি প্ৰবোধিবে লাগিল তেখন॥