পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৭
শ্ৰীদেবীভাগবত।

বৈঞ্চবাস্ত্ৰ মাৰি ৰাজী লীলায়ে ছেদিল।
ক্ৰোধে দেবী নাৰায়ণ অস্ত্ৰ প্ৰহাৰিল॥
মন্ত্ৰ সমে নাৰায়ণ অস্ত্ৰ পাটদিল।
গগণ মণ্ডলে শত মাৰ্ত্তণ্ড জ্বলিল॥
আসে নাৰায়ণ শৰ গগন বিদাৰি।
ৰথহন্তে নামিৰাজা পৰে কৰ যুৰি॥
দণ্ডবতে ভূমি লুঠি প্ৰণাম কৰিল।
জ্যোতিৰ্ময় অস্ত্ৰপাট উৰ্দ্ধে চলি গৈল॥
মন্ত্ৰ অভিকেষি ব্ৰহ্ম অস্ত্ৰ প্ৰহাৰিল।
যোজন প্ৰমাণে অগ্নি আকাশে উঠিল॥
মহা ব্ৰহ্ম বাণে ৰাজা কৰিল সংহাৰ।
দেখি দেবী দিব্যঅস্ত্ৰ কৰিল প্ৰহাৰ॥
অগনি বৰুণ বায়ু সূৰ্য্য চন্দ্ৰ শৰ।
জৃম্ভনাস্ত্ৰ পৰ্ব্বত গন্ধৰ্ব্ব মাহেন্দ্ৰৰ॥
বিষ্ণু চক্ৰ কাল চক্ৰ ব্ৰহযম দণ্ড।
নিকতি ঈষাণ ৰৌত্ৰ কুবেৰ প্ৰচণ্ড॥
বিশ্বাবসু অশ্বিনী ঐষিক নাগ মুখ।
সৰ্প ৰ্তাক্ষ ভাস্কৰ বৰাহ নাগ মুখ॥
শঙ্খচূড়ো সেহিবাণে কৰন্ত সংহাৰ।
ক্ৰোদ্ধে দেবী তুলি লৈলা শক্তি ঘোৰত্তৰ॥