পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৪
চতুৰ্থ স্কন্ধ।

কেৱাৰী ভৰিয়া দেহে ৰক্ত বহি যায়।
সুমেৰুৰ পৰা যেনে গেৰু ধাৰা বয়॥
নীল অঙ্গে ৰক্তচিতা স্বৰ্ণ অলঙ্কাৰে।
নবীন চফল শোভা সুনীল অম্বৰে॥
কোটি কোটি ৰণমাঝে কৰঞ্চ উঠয়।
মুণ্ডহীন লম্বাপেট ভীষণ দুৰ্জয়॥
দুইস্তনে দুইচক্ষু বুকমাঝে মুখ।
হড়হড় কিলকিল শদ্ধ ঊক ঊক॥
সিয়োসবে অস্ত্ৰ ধৰি কৰন্ত সমৰ।
কৰ্ত্তিকৰ হাতে সব ভৈল বুন্দামাৰ॥
মহামাৰী আদী কীৰ সেনাপতি সব।
কদাপীয়ো যুদ্ধে কণ্ডু নোহে পৰাভব॥
কাৰ্ত্তিকৰ অস্ত্ৰে সব মৃতক পৰায়।
হস্তপদ খণ্ড খণ্ড কতো মাৰযায়॥
দানবৰ দলে ভেল প্ৰকৃত প্ৰলয়।
স্কন্দৰ সমৰে শিব আনন্দে হাসয়॥
শক্তি হানি স্কন্দে কত কৰিল সংহাৰ।
কতযুদ্ধে ভঙ্গ দিয়া পলাই যায় দূৰ॥
পলাইবাৰ বেলী দেবে পথত ধৰয়।
দশ পাঞ্চ জনে ধৰি সংহাৰ কৰয়॥