পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১২
চতুৰ্থ স্কন্ধ৷

হাতি ঘোৰা আদি সৰ্ব্ব শৱ উড়াইল।
বৰুনৰ অস্ত্ৰ পাছে প্ৰহাৰ কৰিল॥
যুগল বৰুণ বাণে বৰষিবে লৈল।
নিমিষতে ৰণ ভূমি পৰিষ্কাৰ ভৈল॥
শত অক্ষৌ হিনী সৈন্য ভৈলন্ত সংহাৰ।
দশম দিনৰ পথে সৈন্য নাহি আৰ॥
দশ দিন অন্তে সৈন্য সেনাপতি আছে।
পঞ্চ দশ দিন অন্তে ৰাজা ৰহি আছে॥
এত হন্তে সেনাপতী দেখিবে পাইল।
একলা কুমবে সৰ্ব্ব সংহাৰকৰিল॥
সৈন্যক্ষয় দেখি বৃষপৰ্ব্ব বিপ্ৰচিত্ত।
দম্ভ স্কন্ধ বিকঙ্ক যে কঙ্ক ৰক্ত নেত্ৰ॥
সব সেনা পতি একেবাৰে বঢি লৈল।
ৰথ অশ্ব গজ বাজী সৈন্যে আবৰিল॥
মহা মেজ খণ্ডমাঝে কাৰ্ত্তিক একল।
চৌদিকি বেটি আ অস্ত্ৰ বৰষিবে লৈল॥
শৰশক্তি খদ্গ হানি ভবানী নন্দন।
সকলে দৈত্যক কৰিলন্ত ছিন্ন ভিন্ন॥
সবাকাৰ অস্ত্ৰবীৰ কৰিল শ্বেদন।
দশ দশ বাণে বিঞ্চে সবাৰ বদন॥