পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
শ্ৰী শ্ৰীদেবী ভাগবত



বসুদেব দৈবকীৰ জন্ম॥

পদ।

ব্যাস নিগদতি ৰাজা বুজিয়ো সঞ্জাত।
হৰি অবতাৰৰ কাৰণ অসংখ্যাত॥
সমস্ত দেবৰ অংশ অবতাৰ সমে।
বহুদেব জন্ম কথা শুনা অনুক্ৰমে॥
আৰু দৈবকীৰ ৰোহিণীৰ জন্ম কথা।
শুনা কহো নৰবৰ কাৰণ সৰ্ব্বথা॥
শ্ৰীমন্ত কাশ্যপ মুনি যজ্ঞৰ কাৰণে।
বৰুণৰ গাভী হৰি নিল কোন দিনে॥
বৰুণে খুজিল বহু গাভী নাহিদিল।
মনে বিমৰষি পাছে ব্ৰহ্মা স্থানে গৈল॥
কাকুতি মিনতি কান্দি কৈল নিবেদন।
কশ্যপে হৰিল দেব মোহোৰ গোধন॥
বহুত খুজিলো নাহি দিল মোৰ গাভী।
দিলে৷ শাপ গোৱাল হুইবে জন্ম লভি॥
দুই ভাৰ্য্যা গোপকুলে জনম লইব।
হুইবে মৃতবৎসা পোটাসালে বন্দী হুইব॥