পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭২
চতুৰ্থ স্কন্ধ।

সকলে প্ৰকৃতি গত নটুয়া খেলন্ত।
কাল প্ৰাপ্ত ভৈলে আত্মা নিজে সংহৰন্ত॥
স্বতন্ত্ৰ প্ৰকৃতি সৰ্ব্বজনৰ উপৰ।
নিজ ইচ্ছামতে কালে সৃজে চৰাচৰ॥
বিশ্ব সৃষ্টি ৰচি তাৰ মাঝত বিহৰে।
সৰ্ব্বেশ্বৰ সৰ্ব্বৰূপ সৰ্ব্বাত্মা ঈশ্বৰে॥
কাহাৰো নোহয় কেহো নোহে কাৰো সঙ্গী।
কৰ্ম্ম অনুবন্ধে নব নব ৰসৰঙ্গী॥
জীব তে জীব উৎপন্ন জীবতে চৰণ।
জীবয়ে জীবক পোষে জীবতে মৰণ॥
ভজা সেহি দেব সৰ্ব্ব আত্মা বিশ্বময়।
যাৰ আজ্ঞা মতে বায়ু জগতে বহয়॥
যাৰ আজ্ঞা সূৰ্য্যে তাপ দেত্ত অনুক্ষণ।
কালে ইন্দ্ৰ বৃষ্টি কৰে মৃত্যুয়ে হৰণ॥
যাৰ তেজে দহে অগ্নি চন্দ্ৰ সুশীলতা।
মৃত্যুৰো মৰণ যিটো কালৰো নিয়ন্তা॥
যমৰো পৰম যম বিভূ সৰ্ব্ব শ্ৰেষ্ঠ।
সৃজনে সৃজিত যিটো জন নিজে সৃষ্ট॥
সংহাৰক সংহৰণ যিটো সৰ্ব্ব স্থিত।
শৰণে পশহ সেহি জন নিজ ইষ্ট॥