পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭০
চতুৰ্থ স্কন্ধ।

এক যোজনত ৮ অষ্ট মাইল।
খৰ্পৰ কোটোৰা বাতী॥

দূত বাক্য শুনি ৰাজা অন্তঃপুৰে গই।
ৰণ বাৰ্ত্তা তুলসীক বুলিলা বুজাই॥.
বাৰ্তা শুনি তুলসী হুইল শুষ্ক কণ্ঠ।
মনত আক্ষেপ কৰি কহিল স্বামীত॥
মহেশৰ কথা আবে এহিমানে থও।
শঙ্খচুড়ে যি কৰিলে তাৰকথা কও॥
তুলসীৰ অনুনয়॥
পদ।

তুলসী কহন্ত নাথ! ওহে প্ৰাণনাথ।
দুঃখিনীৰ হৃদি মাঝে বৈসহ তিলেক॥
হে প্ৰাণ অধিষ্ঠাতা দেব ৰক্ষাকৰা।
অল্পকাল তুলসীক জীৱ দান কৰা॥
যাৰ লগে ইটো জন্ম মুখ ভোগ কৈলো।
নাৰ মুখ মধু সদা মুখভৰি পিলে॥