পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
চতুৰ্থ স্কগ্ধ।

এহি ৰূপে হৰি যুগে যুগে অসংখ্যাত।
ব্ৰহ্মায়ে প্ৰাৰ্থন্ত জন্ম ধৰে পৃথিবীত॥
ৰথ চক্ৰ যেহিৰূপে ঘুৰি ঘূৰি বুলে।
হৰি নানামতে ৰূপ ধৰে কালে কালে॥
ধৰ্ম্মক স্থাপন্ত হৰি অধৰ্ম্ম সংহাৰে।
এহি হেতু বাৰে বাৰে অবতাৰ ধৰে॥
দৈত্যৰ নিধন কাম আপুনি কৰন্ত।
কলা অংশৰূপে পৃথিবীত জন্ম হন্ত।
কৃষ্ণ জন্ম কথা কহো শুনা নৃপবৰ৷
ভগবান বিষ্ণু যদুকুলে অবতাৰ॥
কশ্যপৰ অংশে বসুদেব ভৈল জাত।
গোকুলে গোৱাল বৃত্তি বৰুণ শাপত॥
কশ্যপৰ দুইভাৰ্য্যা দিতি যে অদিতি।
দেবকী ৰোহিণী দুই ভগিণী সম্প্ৰতি॥
পূৰ্ব্বে বৰুণৰ শাপে সভাৰ্য্যে কশ্যপ।
গুৱালৰ ঘৰে জন্ম ধৰিলন্ত ভূপ॥

—০—