পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫০
চতুৰ্থ স্কন্ধ।

পাছে দুই হাতে ধৰি চপাই আনয়॥
আপোনাৰ বক্ষে মুখ লুকাই ৰাখয়।
মুখত ওড়ণী লৈই মুখ ধাকি ধৰে॥
পুলুঙ্গা পুলুঙ্গি কৰে ওড়ণী ভিতৰে॥
কঠিন গণ্ডত বাৰম্বাৰ চুমা খায়।
প্ৰেমে বিম্বন্তষ্ঠ দুই দংশন কৰয়॥
ৰসিক পিন্ধাইল অগ্নি শুদ্ধ বস্ত্ৰ দুই।
বৰুণক জিনি পূৰ্ব্বে কাঢ়ি আনিছয়॥
আৰু ৰত্ন মালা তাঙ্ক জিনিয়া পাইল।
ত্ৰিলোকে দুৰ্লভ তাকো গলে পিন্ধাইল॥
স্বাহা দিল নুপৰ যুগল মনোহৰ।
ৰোহিণীৰ কুণ্ডল ছায়াৰ বায়ুবল॥
ৰত্নৰ আঙ্গঠী আৰু ৰত্নৰ বলয়া।
বিশ্বকৰ্ম্মা দিল শঙ্খ সুচিত্ৰ কলয়া॥
শয্যাৰ শোভন আতি পদ্ম পাত্ৰ চৰু।
নানাবিধ বসন ভুষণ স্বৰ্ণ খাৰু॥
গলধনত গাঠী খোপা মালতীৰ মালা।
তাহাতো পিন্ধিছে স্বৰ্ণ গোলাপ মকৰা॥
গণ্ড পাণ্ডৰ পিন্ধাই চিতৰ ওড়াণী।
ললাটে ৰৌফান্দী ৰেখা চন্দ্ৰ ৰেখা জিনি