পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৭
শ্ৰীদেবীভাগৱত


তুলসী শঙ্খচূড়ৰ বিহাৰ। ১৮

পদ।

নাৰদ বদতি দেব কৰো নিবেদন।
বিচিত্ৰ আখ্যান ইটো কৰিলা কিৰ্ত্তন॥
যত শুনো তৃপ্তি নোহে শ্ৰবণ আমাৰ।
তাত পাচে কি ঘটিল কহা এই বাৰ॥
নাৰায়ণ কহে বাপু শুনিয়ো নাৰদ।
নিজস্থানে গৈল বিধি কৰি আশীৰ্ব্বাদ॥
পিতামহ আজ্ঞা মতে তেবে শঙ্খচুড়।
গন্ধৰ্ব্ব বিবাহ কৈল তুলসী বানীৰ।
বাজিল দুন্দভী স্বৰ্গে পুষ্প বৃষ্টি ভৈল।
তুলসীক লভি দৈত্য আনন্দে বিভোল॥
বাস গৃহে ৰমন কৰন্ত মন সুখে।
মুৰ্চ্চিত তুলসী নব সঙ্গম সংযোগে॥
নিৰ্জনে তুলসী সুখ সম্ভোগে মগণ।
চৌষষ্ঠি প্ৰকাৰে ক্ৰীড়া শৃঙ্গাৰ উত্তম॥
কাম শাশ্ৰে উক্ত ৰসিকৰ যেনে ভাব।
মনো মতি নাৰী সঙ্গে যিৰূপ সদ্ভাব॥