পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৫
শ্ৰীদেবীভাগৱত৷


ব্ৰহ্মাৰ মধ্যস্থতা কৰণ ॥ *॥

ব্ৰহ্মা বোলে শঙ্খচুড় কিকাম কৰিছ।
গন্ধৰ্ব্ব বিবাহে তাঙ্ক গ্ৰহণ কৰহ॥
পুৰুষ মধ্যত তুমি পৰম ৰতন।
নাৰী মধ্যে তুলসীও সতী ৰত্ন ধন॥
বিদগ্ধা বিদগ্ধী দুইৰো উত্তম মিলন।
অবিৰোধ হেন সুখ এৰে কোন জন॥
অবিৰোধ সুখ ত্যাগ কৰে যিটো জন।
পশুতো অধম সিটো নিশ্চয় বচন॥
তুলসীক চাহি ব্ৰহ্মা বুলিলা তখন।
এতদৃশ গুণী কান্ত পৰীক্ষা কি জন্য॥
দেবতা অহুৰ দানবৰ বিমৰ্দ্দক।
পৰম উত্তম স্বামী পৰীক্ষা কিসক॥
যথা নাৰায়ণ লক্ষ্মী ৰাধিকা শ্ৰীকৃষ্ণ।
যথা অত্ৰি সাবিত্ৰী ভবানী বৃষধবজ॥
ধৰিত্ৰী বৰাহ যথা মেনকা হিমাদ্ৰি।
যথা অত্ৰি অনসুয়া নল দময়ন্তী॥
যেনে চন্দ্ৰ ৰোহিনী যেহেন ৰতি কাম।
কাশ্যপ অদিতি যেনে অহল্যা গৌতম॥