পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
চতুৰ্থ স্কন্ধ

এহিবৰ দিলো দেবী সাশ্বতে জানিবা॥
এত শুনি হৃষ্ট চিত্তে ঈষদ্ধান্য কৈল।
অন্ধলা ভিক্ষুক পটানতে তুস্ট ভৈল॥
বৃক্ষ হই মাধবক দেবিবে উপায়।
দেবতা নাখাই দ্ৰব্য গন্ধে তুষ্টহয়॥
ব্ৰহ্মাক প্ৰণামি পুনু তুলসী পুচয়।
দ্বিভুজ শ্যামল কৃষ্ণ অতি প্ৰীতিহয়॥
দৈবে গোবিন্দৰ সঙ্গে ভাঙ্গিল শৃঙ্গাৰ।
চতুৰ্ভুজে ততপ্ৰীতি নাহিক আমাৰ॥
তাহাতে অতৃপ্তা ভৈলো গোবিন্দ বুজিল
দুই ভুজ কৃষ্ণে আমি তুষ্ট নাহইল॥
এতেকতে চতুৰ্ভুজ পাইবে আজ্ঞা দিল।
তাৰ আজ্ঞা মতে প্ৰভু তোমাত প্ৰাৰ্থিল॥
কিন্তু তযু বৰে পুনু দ্বিভূজ পাইবো।
এহি আজ্ঞা কৰা ৰাধ৷ শাপে মুক্ত হইবে

ব্ৰহ্মা কৰ্তৃক ৰাধা মন্ত্ৰদান।

ব্ৰহ্মা বোলে ৰাধা মন্ত্ৰ কৰহ গ্ৰহণ।
ষোড়শ অক্ষৰী যন্ত্ৰ ভজ সৰ্ব্বক্ষণ॥