সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২১
শ্ৰীদেবীভাগবত

দেখি ৰাবনাক কৈল অতিথি সৎকাৰ।
পাদ প্ৰক্ষালন জল ফল সুমধুৰ॥
পান হেতু সুগন্ধি শীতল স্বিগ্ধজল।
শক্তি অনুৰূপে ভক্তি সহিতে পুঞ্জিল॥
ফল মূল খাই সিটো পাপিষ্ঠ দুৰ্জ্জন।
সমীপক চাপি পাচে বসিল ৰাবণ॥
কৌন তুমি কিবা হেতু আছ ইথানত।
পৰম সুন্দৰী পীনস্তন শুৱলিত॥
শৰতৰ পদ্ম যেন হসিত বদন।
কামে মুৰ্চ্ছা ভৈলো ধনি কৰহ শান্তন॥
এহি বুলি হস্তে ধৰি সমীপে আনিল।
শৃঙ্গাৰ কৰিবে লাগি উদ্যত হইল॥
কোপ কৰি সতী বলে এড়াইবাক চাৱে।
হস্তপদ আছাড়ন্ত কি শক্তি এড়াৱে॥
মনে মনে ভবানীক স্মৰণ কৰন্ত।
ৰক্ষাকৰা নাৰায়ণী ভৈলো জাতি ভ্ৰস্ট॥
নাহিক সহায় কোনো অৰন্য ভিতৰে।
দুৰন্ত দানব হাতে কোনে ৰক্ষা কৰে॥
স্তবে তুট হুই দেবী ৰাবণে শাপিল।
শাপ শুনি দশানন হাত এৰি দিল॥