পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৯
শ্ৰীদেবীভাগবত

ধন ধান্য শ্ৰীলক্ষ্মী সম্পদ লভিব।
তুষ্ট হুই লক্ষ্মী তাৰ ঘৰে জন্ম লৈব॥
তোমাৰ সেবক সম্ভূ ৰাজা বৃষধ্বজ।
মৰিয়াছে কোন কালে নকৰা বিমৰ্ষ॥
শীঘ্ৰ নিজালয়ে যোৱাঁ নকৰা আক্ষেপ৷
ব্ৰহ্মা সূৰ্য্য আপোনাৰ স্থানে চলিয়োক॥
এত কহি লক্ষ্মীকান্ত অন্তঃপূৰে গৈল।
সূৰ্য্য দেব পদ্ম যোনি স্বস্থানে আসিল॥
তপস্যাত গৈল তেবে দেব মহেশ্বৰ।
হিমালয়ে আচৰিল তপ ঘোৰত্তৰ॥

অথ শিবৰ তপস্যা এবং লক্ষ্মী অবতাৰ

পদ।

হিমালয়ে শিব ঘোৰ তপ আচৰিল।
উগ্ৰ তপে মহা লক্ষ্মী দেবীক যজিল॥
ইষ্টবৰ দিল লক্ষ্মী অভিস্ট সুসিদ্ধ৷
ধৰ্ম্ম ধ্বজ কুশ ধ্বজ ঘৰে হৈবো জাত॥
এত বুলি মহা লক্ষ্মী ভৈল অন্তন্ধ্যান।
তপ নিবৰ্ত্তিয়া শিব গৈলা নিজ স্থান॥
মহাপুণ্যবন্ত পুত্ৰ কুশধ্বজ ৰায়
তান পত্না মালাবতী দেবী শুদ্ধ কায়॥